ডিফুঃ যোৱা ২৩ এপ্ৰিলত ডিফুত এগৰাকী কলেজীয়া ছাত্ৰীক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ কৰি যোৱা কেইবাটাও দিন ধৰি কাৰ্বি পাহাৰ উত্তাল হৈ আছে৷ বকলিয়াঘাট আৰক্ষী থানা এলেকাৰ লাংবুংঘাট নিবাসী তথা ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ৰাজনীতি বিভাগৰ স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰী জেনিছা ইংতিপিক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি ডিফু চহৰ প্ৰতিদিনে উত্তাল হৈ থকা সময়তে শনিবাৰে পোহৰলৈ অহা আন এটা ঘটনাই কাৰ্বি পাহাৰৰ ৰাইজৰ চকু কপালত উঠিছে৷
খোদ জেলৰ কয়দীৰ নিৰাপত্তাৰ বাবে নিয়োজিত এগৰাকী নিৰাপত্তাৰক্ষীৰ পত্নীক জেলৰ আবাসত ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হোৱাত ৰাইজে কবলৈ বাধ্য হৈছে যদি জেলৰ চৌহদতে আৰক্ষীৰ পৰিয়ালৰ লোক সুৰক্ষিত নহয় তেন্তে ৰাজ্যৰ জনসাধৰণ সুৰক্ষিত হ’ব কেনেদৰে৷