77
ডিফুঃ কাৰ্বি আংলং জিলা মহিলা সমিতিৰ গৌৰৱোজ্জল সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানটি যোৱা ৭, ৮, ৯, আৰু ১০ মাৰ্চলৈকে বৰ্ণাঢ্য কাৰ্যসূচীৰে সফল সামৰণি ঘটে৷ এই উপলক্ষে অন্তিম দিনা পুৱাৰ ভাগত ডিফু চহৰৰ মাজেৰে উদ্যোক্তাসকলে বৰ্ণিল সাংস্কৃতিক শোভা যাত্ৰা বাহিৰ কৰে৷
বিয়লি ঐতিহ্যপূৰ্ণ ডিফু ক্লাবত কিৰণ কলিতাৰ পৌৰুহিত্যত এখনি মুকলি সভা অনুষ্ঠিত হয় ৷ মুকলি সভাখন উদ্ধোধন কৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰতন টেৰণে৷