খেৰণিঃ কাৰ্বি পৰিষদৰ প্ৰতিষ্ঠা দিৱসক লৈ ইতিমধ্যে তৎপৰ হোৱা পৰিলক্ষিত হৈছে কাৰ্বি পৰিষদৰ বিভাগীয় কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙক। সমাগত ইং ২৩ জুনত বৰ্ণিল কাৰ্যসূচীৰে পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামত সমূহীয়াভাৱে কাৰ্বি পৰিষদে অনুষ্ঠিত কৰিব পৰিষদৰ ৬৮ সংখ্যক প্ৰতিষ্ঠা দিৱস।
পৰিপ্ৰেক্ষিতত বুধবাৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ পৰামৰ্শত কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙসহ ডংকামোকাম চহৰ সমিতিৰ অধ্যক্ষ টেলিচৰাম ৰংহাং, ৱাৰ্ড কমিচনাৰসকল, হামৰেন গাঁও উন্নয়ন সমিতিৰ অধ্যক্ষ ছাৰছিং ফাংছ’, প্ৰাক্তন অধ্যক্ষ বীৰেন তিচ্ছৰ উপৰিও এক বৃহৎ সজাতি দল ডংকামোকামত উপস্থিত হৈ আয়োজনস্থলী নিৰূপণ কৰে আৰু প্ৰতিষ্ঠা দিৱস পালনৰ প্ৰস্তুতিৰ পৰিকল্পনা কৰে।