ডিফুঃ কাৰবি আংলঙৰ ডিফু-মাঞ্জা পথত কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ৫ টাকৈ বাছ চলাচলকলৈ কেন্দ্ৰ কৰি শুকুৰবাৰে উত্তপ্ত হৈ পৰে মাঞ্জাৰ ৰাজপথ৷ মাঞ্জা টেক্সি সন্থাই আজি ইয়াৰ বিৰোধিতাৰে পুৱা ১০ বজাৰপৰা ১১ বজালৈ ১ ঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী পালন কৰে৷
টেক্সি চালকে ১ ঘণ্টীয়া ধৰ্মঘট পালন কৰি নিজৰ নিজৰ টেক্সি, ক্ৰুইছাৰ সমূহ চলাচল বন্ধ কৰি দিয়াত যাত্ৰীসকলে কিছু দুৰ্ভোগ ভুগিবলগীয়া হয়৷ মাঞ্জা টেক্সি সন্থাৰ সভাপতি সঞ্জিত নাথ আৰু সাধাৰণ সম্পাদক কৃষ্ণ ভট্টৰায়ে কয় যে পৰিষদৰ ৫ টাকৈ বাছে মাঞ্জাৰ পৰা ডিফুলৈ দৈনিক যাত্ৰী কঢ়িয়াই নিয়াৰ বাবে নিবনুৱা যুৱকসকলে টেক্সি চলাই জীৱিকাৰ পথ বাছি লৈও তেওঁলোকৰ নিশা নিদ্ৰা হৰণ হৈছে৷