newsnextone.com | ডিফুঃ ‘আহ, ঐ আহ, ওলাই আহ’ বুলি চিঞৰি আকৌ এবাৰ ওলাই আহিল কাৰ্বি পাহৰৰ জনগণ৷ খেদ ঐ খেদ বাংলাদেশী খেদ বুলি কৈ উনুকিয়াই দিলে অসম আন্দোলনৰ স্মৃতি সমূহ৷ শুকুৰবাৰে পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰিব খোজা নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিৰ দাবীত একত্ৰিত হ’ল কেইবা হাজাৰ লোক৷
ভোৰ তাল বজাই হাতে হাতে প্লে-কাৰ্ড, বেনাৰ, ফেষ্টুন লৈ বিজেপি গ’বেক, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, অসম চুক্তি ৰূপায়ণ কৰক, খেদ ঐ খেদ বাংলাদেশী খেদ, আছে হেংদাং লোৱা নাই-ললে হেংদাং ৰক্ষা নাই আদি ধ্বনিৰে ডিফু চহৰৰ আকাশ-বতাহ কঁপাই তোলে ৰাজপথলৈ ওলাই আহি সমদলত অংশ লোৱা হাজাৰ হাজাৰ লোকে৷