ছাইদুল ইছলাম, ডিফুঃ সমগ্ৰ দেশৰ লগত সংগতি ৰাখি পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুতো উদযাপিত হ’ল শ্ৰমিকৰ তেজৰ বিনিময়ত লাভ কৰা ১৩৪ সংখ্যক আন্তৰ্জাতিক শ্ৰমিক দিৱস৷
এই পাহাৰীয়া জিলাখনৰ খোদ সদৰ চহৰ ডিফুত ক্ৰমে কাৰবি আংলং মটৰ পৰিবহন শ্ৰমিক আৰু চালক সন্থা, সদৌ কাৰ্বি আংলং নিৰ্মাণ আৰু অন্যান্য শ্ৰমিক সন্থা আৰু ইণ্টাৰনেছনেল মে’ ডে’ চেলিব্ৰেছন কমিটিৰ উদ্যোগত ক্ৰমে ডিফু চহৰৰ ডিটিচি বিল্ডিঙৰ ওপৰ মহলা আৰু ডিফু কলা কেন্দ্ৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰমিক দিৱসটি উদযাপন কৰা হয়৷