ডিফুঃ ডিফুত বৰ্ণাঢ্য কাৰ্যসূচীৰে দেওবাৰে কাৰ্বি আংলং ইউনাইটেড পিপুল এছ'চিয়েছন চমুকৈ 'কাউপা’ৰ ষষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠান উদযাপন কৰা হয়৷ এই উপলক্ষে পুৱা ১০ বজাৰপৰা ডিফু পি এইচ ই আই বি (আৰবান)ত সভাপতি ৰাজেশ তিমুঙৰ অধ্যক্ষতাত এক সভা অনুষ্ঠিত হয়৷

সভাত কাউপাৰ সাধাৰণ সম্পাদক প্ৰহ্লাদ তিচ'ৱে সভাৰ উদ্দেশ্য বাখ্যা কৰে৷ অতিথিসকলক কাউপাৰ সভাপতি-সম্পাদকে উষ্ম অভিনন্দন জ্ঞাপন কৰে৷ আনহাতে বৰ্ষপুৰ্তি অনুষ্ঠানত বিভিন্ন সংগঠনৰ সদস্যসকল উপস্থিত থাকে৷

সভাত বিশেষকৈ অইন জনজাতি আৰু বিভিন্ন সম্প্ৰদায়ৰ লোকৰ লগত ঐক্যবদ্ধভাৱে থাকি কাৰ্বি আংলঙত শান্তি-সমৃদ্ধি আৰু ভাতৃত্বৰ জৰিয়তে উন্নয়ণ হাচিল কৰাত মত পোষণ কৰে আৰু এইটোৱেই কাউপাৰ লক্ষ্য বুলি সংগঠনটোৰ সভাপতি আৰু সাধাৰণ সম্পাদকে এক প্ৰেছ বিবৃতিযোগে জানিবলৈ দিছে৷