Home ৰাজ্যহাওৰাঘাটত মিনি ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন তুলিৰাম ৰংহাঙৰ

হাওৰাঘাটত মিনি ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন তুলিৰাম ৰংহাঙৰ

by News Desk
A+A-
Reset
tuliram

ডিফুঃ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে হাওৰাঘাটত আজি ১০ কোটি টকা ব্যয় সাপেক্ষ এখন মিনি ষ্টেডিয়াম, গেলাৰীৰ সৈতে এখন মুকলি মঞ্চ আৰু এটি প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰে ৷ ৰাজ্যৰ বিত্তমন্ত্ৰীৰ বিশেষ পেকেজৰ অধীনত নিৰ্মাণ হ’ব লগা এই বৃহৎ ক্ৰীড়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত স্থানীয় বিধায়ক জয়ৰাম ইংলেং আৰু স্থানীয় এম এ চি তথা কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খনছি ৰংপীসহ অন্যান্য পাৰিষদবৰ্গ উপস্থিত থাকে ৷
পৰৱৰ্তী কাৰ্যসূচী অনুসৰি মুখ্য কাৰ্যবাহী ৰংহাঙে হাওৰাঘাটৰ কিৰাত ভৱন চৌহদত উপস্থিত হৈ বিশ্ববিশ্ৰুত শিল্পী ড৹ ভূপেন হাজৰিকাৰ আৱক্ষ মূৰ্ত্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ ইয়াৰ পিছত ৰংহাঙে হাওৰাঘাটৰ তিনি নং ৱাৰ্ডৰ বাসিন্দা তিলোত্তমা পানিকাৰ গৃহত উপস্থিত হৈ নগৰৰ প্ৰথমটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ আধাৰশিলা স্থাপন কৰে ৷ একেদৰে হাওৰাঘাটস্থ ত্ৰিশখন বিছনাযুক্ত হাস্পতালৰ নৱনিৰ্মিত উন্নয়নমূলক আচঁনিৰ শুভ উদ্বোধন কৰা মুখ্য কাৰ্যবাহী ৰংহাঙে হাওৰাঘাট হাস্পতালৰ সামগ্ৰিক পৰিবেশ পৰিদৰ্শন কৰি সন্তোষ প্ৰকাশ কৰে ৷ 
দিনৰ এক বজাৰ পৰা হাওৰাঘাটস্থ শংকৰ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত বিজেপিৰ এখন বিশাল সভাত মুখ্য অতিথি হিচাপে অংশ লয় তুলিৰাম ৰংহাঙে ৷ সভাত উপস্থিত থকা সহস্ৰাধিক ৰাইজক উদ্দেশ্যি মুখ্য কাৰ্যবাহী তুলিৰামে বিজেপি চৰকাৰৰ আয়ুস্মান ভাৰত, প্ৰধানমন্ত্ৰী আৱাস যোজনা আদি বিভিন্ন উন্নয়নমূলক আঁচনিৰ কথা দোহাৰে ৷ ইপিনে আধাৰশিলা স্থাপন সন্দৰ্ভত সাংবাদিকৰে হোৱা বাৰ্তালাপত ৰংহাঙে কয় যে বিজেপি নেতৃত্বাধীন বৰ্তমানৰ কাৰ্বি স্বায়ত্ত পৰিষদখনে তথা টীম কাৰ্বি আংলঙৰ সদস্যসকলে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দৰে আধাৰশিলাৰ ৰাজনীতি নকৰে ৷ সময়মতেই হাওৰাঘাটৰ এই নিৰ্মাণকাৰ্য শেষ হ’ব বুলি মন্তব্য কৰে ৰংহাঙে ৷ 
ৰংহাঙে লগতে নাগৰিক সংশোধনী বিধেয়কখনৰ ওপৰতো নিজা স্থিতি স্পষ্ট কৰি কয় যে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে এইক্ষেত্ৰত যি সিদ্ধান্ত ল’ব তাকেই মানি ল’ব কাৰ্বি স্বায়ত্ত পৰিষদে ৷ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে শনিবাৰে ঢৌজোখা উপ-স্বাস্থ্য কেন্দ্ৰ এটাৰো শুভ-উদ্বোধন কৰে ৷ ইয়াৰ পূৰ্বে আজি পুৱা হাওৰাঘাট তিনিআলিৰ পৰা হাওৰাঘাটলৈ প্ৰায় ১২ কিলোমিটাৰ বাট স্থানীয় বিজেপি কৰ্মীসকলে ৰেলী কৰি আগুৱাই আনে মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙসহ অন্যান্য অতিথিবৰ্গক ৷ ইপিনে হাওৰাঘাট মহকুমাৰ ক্ষীপ্ৰ উন্নয়ন তথা পূৰ্ণপৰ্যায়ত কাৰ্যক্ষম কৰাৰ দাবীত সন্মিলিত কাৰ্বি আংলং  ছাত্ৰ পৰিষদ চমুকৈ উছুকাই তুলিৰাম ৰংহাঙক এখন স্মাৰক পত্ৰও প্ৰদান কৰে  ৷

ছাইদুল ইছলাম,ডিফু

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0