♦ উদ্ধোধন কৰিলে কমিউনিটি হল, পথ পৰিদৰ্শন
ছাইদুল ইছলাম, ডিফুঃ দীৰ্ঘ অসুস্থতাৰ অন্তত সুস্থ হোৱাৰ পাছত বৃহস্পতিবাৰে হঠাত কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত দলীয় কৰ্মী-সমৰ্থকসহ উপস্থিত হয় ৰাজ্য চৰকাৰৰ পাৰ্বত্য উন্নয়ণ মন্ত্ৰী ছুম ৰংহাঙ৷
মন্ত্ৰীগৰাকীয়ে আজি নিজ উন্নয়ণ পুঁজি আঁচনিৰ জৰিয়তে ডিফু ৰে’ল কলনীৰ শ্মশানঘাট চৌহদৰ পকী বেৰৰ লগতে ডিফু বিথিত লাংচ আৰু ৰংমিৰ্দানত দুটাকৈ কমিউনিটি হল উদ্ধোধন কৰে৷
ইয়াৰোপৰি পাৰ্বত্য উন্নয়ণ দপ্তৰৰ মন্ত্ৰীগৰাকী ডিফুৰ কেইবাটাও ৰাস্তা পৰিদৰ্শন কৰি অৱস্থাৰ বুজ লয়৷ মন্ত্ৰীগৰাকীয়ে ডিফু বজাৰ পৰিভ্ৰমণ কৰি বজাৰৰ পথসমূহৰ উন্নয়ণ আৰু ষ্ট্ৰীট লাইট ব্যৱস্থাৰ কামসমূহ পৰিদৰ্শন কৰে৷
একাংশ কাকতত মুখ্যমন্ত্ৰীৰ পুঁজিৰে ডিফুৰ পথ নিৰ্মাণত দুৰ্নীতি সংঘটিত হোৱাৰ বাতৰি প্ৰকাশৰ পাছতেই মন্ত্ৰীগৰাকীৰ এনে ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে৷ উল্লেখযোগ্য যে, আজি মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণত সংগ দিয়া পৰিলক্ষিত নহ’ল কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক৷
ইয়াৰ বিপৰীতে মন্ত্ৰীগৰাকীকক সংগ দিলে জিলা বিজেপি সভাপতি তথা পৰিষদৰ কাৰ্যবাহী সদস্য ৰতন টেৰণ, এমএচি ৰামচিং তিমুঙ, বিজেপিৰ সাধাৰণ সম্পাদক অজিত দে' আৰু অনান্য দলীয় নেতা-কৰ্মীসকল৷
ইয়াৰপৰাই মন্ত্ৰী ছুম ৰংহাঙ আৰু মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ মাজত চলি থকা শীতল যুদ্ধখন স্পষ্ট হৈ পৰিছে বুলি সচেতন মহলত চৰ্চিত হোৱাৰ লগতে দুয়োগৰাকীৰ মাজত এনে আচৰণে জিলাখনৰ উনয়ণত হেঙাৰ হ’ব বুলিও ভবাৰ থল আছে৷ মন্ত্ৰী গৰাকীয়ে বৰ্তমান নিৰ্বাচন আচৰণ বিধি নথকাৰ বাবে উন্নয়ণমূলক কাম-কাজসমূহ পৰিদৰ্শন কৰিবলৈ ওলোৱা বুলি জানিবলৈ দিছে৷ তেওঁ ৩৯ আৰু ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰাৱস্থাৰ বিষয়ে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ মন্ত্ৰালয়ক জনোৱা বুলি কয়৷