ছাইদুল ইছলাম, ডিফুঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ নাৰী সাৱলীকৰণৰ উদ্দেশ্য লৈ স্বচ্ছ ভাৰত অভিযান (নগৰীয়া)ৰ অংশ স্বৰূপে ডিফু মিউনিচিপাল্টি ব’ৰ্ডৰ উদ্যোগত শুকুৰবাৰে ডিফু ক্লাবত মহিলা আত্ম সহায়ক গোটৰ মাজত ঘৰে ঘৰে জাঁবৰ সংগ্ৰহ কৰাৰ বাবে লঘু বাহন বিতৰণ কৰা হয়৷
বাহনসমূহ আনুষ্ঠানিকভাৱে বিতৰণ কৰে কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে৷ উক্ত আনুষ্ঠানিক বিতৰণ সভাত ক্ৰমে সাংসদ হৰেণছিং বে’, পৰিষদৰ উপাধ্যক্ষ ৰিতেশ ইংহি, ইএমসকল ক্ৰমে, প্ৰদীপ ৰংপি, ৰতন টেৰণ, অমৰছিং তিছ’, কাছে ৰংপিপি, প্ৰদীপ ডিফুছা, মাধূৰ্য ঢেকিয়াল ফুকণ, খনচিং ৰংপি, লুণচিং টেৰণ, কেইবাগৰাকী এমএচি, উপায়ুক্ত মুকুল কুমাৰ শইকীয়া, ডিফু মিউনিচি পাল্টি ব’ৰ্ডৰ অধ্যক্ষ ৰাহ ক্ৰ’ প্ৰমুখ্য কৰি কেইবীগৰাকী ব্যক্তি উপস্থিত থাকে৷