ছাইদুল ইছলাম, ডিফুঃ এসময়ত উগ্ৰপন্থীৰ ৰম্যভূমি খ্যাত পাহাৰীয়া জিলা কাৰ্বি আংলঙত বিগত কেইবাবছৰ ধৰি উগ্ৰপন্থীৰ কাৰ্যকলাপ কিছু হ্ৰাস পাইছিল যদিও শেহতীয়াকৈ জিলাখনত উগ্ৰপন্থীৰ বিচৰণ বৃদ্ধি পোৱাত পুনৰ সচেতন মহল উদ্বিঘ্ন হৈ পৰিছে৷

প্ৰাপ্ত তথ্য অনুসৰি পিডিচিকে (পিপলছ ডেমক্ৰেটিক কাউনচিল অব কাৰ্বি আংলং) নামৰ উগ্ৰপন্থী  সংগঠনটোৰ সাংগঠনিক কাৰ্যকলাপ আৰু ধন সংগ্ৰহৰ ঘটনাই আৰক্ষী আৰু সেনাৰ মূৰৰ কামোৰণিৰ হৈ পৰিছে৷

সেনাৰ এক বিশেষ সূত্ৰে জানিব পৰা মতে শুকুৰবাৰে বকলীয়াঘাট তেলডিপুৰ সমুখত ভাৰতীয় সেনাৰ ৰেডহৰ্ণ ডিভিজন আৰু আৰক্ষীয়ে যাত্ৰীবাহী বাছত তালাচী চলাই দুজন পিডিচিকেৰ সক্ৰিয় সদস্য আটক কৰে৷ আটকাধীন দুই সদস্য ক্ৰমে ৰেণছিং তিচ আৰু অমল ফাংছ৷

আটকাধীন সদস্য দুজনৰপৰা এটা পইন্ট 22 পিষ্টল, তিনিটা ম’বাইল ফোন, কেইবা জাঁই সজীৱ গুলীৰ লগতে ২.২ পিষ্টলৰ মেগজিন এটা, ৬ টা ছীম কাৰ্ড, ৩ টা মেমৰি কাৰ্ড, এটা ক'লা ৰঙৰ এডিডাছ বেগ, ইউনিফৰ্ম আৰু নগদ পাঁচ হাজাৰ আঠশ পচপন্ন টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷

উল্লেখ্য, ডকমকাৰ ভিতৰুৱা অঞ্চলত উগ্ৰপন্থী সংগঠনটোৱে জুৰ জুলুম কৰি গাঁৱৰ লোকক ধন সংগ্ৰহ, চাউল, বজাৰৰপৰা কাপোৰ-কানি কিনি আনি সংগঠনটোক দিবলৈ ভাবুকি প্ৰদান কৰি আহিছিল৷ সেনা আৰু আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি সংগঠনটোৰ এই দুই সদস্যক আটক কৰিবলৈ সক্ষম হয়৷

সম্প্ৰতি আৰক্ষীয়ে দুয়োজনকে মাৰাথন জেৰা অহ্যাহত ৰাখিছে৷ উল্লেখ্য, কাৰ্বি আংলঙত PDCK উগ্ৰপন্থী সংগঠনটোৰ জন্মদাতা একালৰ দুৰ্ধৰ্ষ সন্ত্ৰাস সৃষ্টিকাৰী সংবিজিৎ ইংতি কাঠাৰ।