ডিফুঃ কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ নাতিদূৰৈৰ বৰলাংফাৰত সেনা-আৰক্ষীৰ এক যুটীয়া অভিযানত পিপুল ডেমক্ৰেটিক কাউঞ্চিল অৱ কাৰ্বি লংৰি চমুকৈ (পি ডি চি কে)ৰ এজন দুৰ্ধৰ্ষ কেডাৰক অস্ত্ৰ-সস্ত্ৰসহ আটক কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যই বিৰাজ কৰিছে৷
কাৰ্বি আংলং জিলা আৰক্ষীৰ এক শীৰ্ষ সূত্ৰে জানিব পৰা মতে গোপন তথ্যৰ পম খেদি সেনা আৰু আৰক্ষীয়ে যৌথ অভিযান চলাই বৰলাংফাৰ থানা এলেকাধীন বকাৰাম টকবী গাঁৱৰপৰা ওৱেলচন তেৰাঙ ওৰফে মংৱে’ তেৰাঙ নামৰ এটা দুৰ্ধৰ্ষ পি ডি চি কে কেডাৰক আটক কৰে৷ এটা পইণ্ট ২২ পিষ্টল, এটা মেগজিন আৰু ৬ জাঁই সজীৱ গুলীও জব্দ কৰা হৈছে৷