newsnextone.com | ডিফুঃ কাৰ্বি আংলং জিলাৰ কাৰিকৰী শিক্ষানুষ্ঠান বিভিন্ন সমস্যাৰে জৰ্জৰিত বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ ডিফুস্থিত পাহাৰীয়া জিলাৰ একমাত্ৰ পলিটেকনিক খন বিভিন্ন সমস্যাৰে জৰ্জৰিত হোৱাৰ পিছতো চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷
সদৌ অসম ছাত্ৰ সন্থাই ডিফু চহৰৰ পৰা ৫ কিলোমিটাৰ নিলগৰ পলিটেকনিক খনৰ প্ৰয়োজনীয় আন্তঃগাঁথনি উন্নয়ন কৰাৰ লগতে দীৰ্ঘদিন ধৰি সন্মুখীন হৈ অহা সমস্যাসমূহ আছুৱে শিক্ষা বিভাগ আৰু চৰকাৰৰ দৃষ্টি গোচৰ কৰি আহিছে৷