newsnextone.com | ডিফুঃ কাৰ্বি আংলং জিলাৰ কাৰিকৰী শিক্ষানুষ্ঠান বিভিন্ন সমস্যাৰে জৰ্জৰিত বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ ডিফুস্থিত পাহাৰীয়া জিলাৰ একমাত্ৰ পলিটেকনিক খন বিভিন্ন সমস্যাৰে জৰ্জৰিত হোৱাৰ পিছতো চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷

সদৌ অসম ছাত্ৰ সন্থাই ডিফু চহৰৰ পৰা ৫ কিলোমিটাৰ নিলগৰ পলিটেকনিক খনৰ প্ৰয়োজনীয় আন্তঃগাঁথনি উন্নয়ন কৰাৰ লগতে দীৰ্ঘদিন ধৰি সন্মুখীন হৈ অহা  সমস্যাসমূহ আছুৱে শিক্ষা বিভাগ আৰু চৰকাৰৰ দৃষ্টি গোচৰ কৰি আহিছে৷

ইমানৰ পিছতো চৰকাৰে শিক্ষা বিভাগে গুৰুত্ব প্ৰদান নকৰাত ক্ষোভিত আছুৱে পুনৰ পলিটেকনিকৰ সমস্যা ,সমাধানৰ দাবীত এখন স্মাৰক পত্ৰ কাৰ্বি আংলং জিলাৰ উপায়ুক্ত মৃদুল কুমাৰ মহন্তৰ জৰিয়তে অসমৰ শিক্ষামন্ত্ৰীলৈ প্ৰেৰণ কৰে৷

স্মাৰক পত্ৰ যোগে পলিটেকনিক খনৰ আন্তঃগাঁথনি উন্নত কৰা, এটা মাত্ৰ বিভাগৰ পৰিৱৰ্তে বিভাগ বৃদ্ধি কৰা, পলিটেকনিকত ছাত্ৰ-ছাত্ৰীৰ পৰিমান হ্ৰাস পাই থকাৰ বাবে নুন্যতম তিনিটা বিভাগলৈ বৃদ্ধি কৰা, শিক্ষকৰ সংখ্যা বৃদ্ধি কৰা, শিক্ষকৰ আবাস গৃহ নিৰ্মাণ কৰা, আৰক্ষী চকী স্থাপন কৰা, পলিটেকনিকত স্বাস্থ্যকেন্দ্ৰ স্থাপন কৰা, পলিটেকনিকলৈ যোৱা বাট-পথ নিৰ্মাণ কৰাৰ দাবী জনায় আছুৱে৷

ছাত্ৰ সন্থাৰ দাবী সমূহ যদিহে অনাগত দিনত গুৰুত্ব সহকাৰে পূৰণ কৰা নহয় তেন্তে আছুৱে জংগী আন্দোলনৰ পন্থা বাছি ল’ব বুলি আছুৰ ডিফু আঞ্চলিকৰ সভাপতি শ্যামন্ত গগৈ আৰু সাধাৰণ সম্পাদক সৰ্জোন হাঞ্চেই হুংকাৰ দিয়ে৷