ডিফুঃ অসম-মেঘালয় সীমান্তঞ্চলৰপৰা অসম আৰক্ষীয়ে নিজৰ পহৰা চকী অসহায়ভাৱে উঠাই অনা কাৰ্যক সহজভাবে ল’ব পৰা নাই জইণ্ট একছন কমিটি ফৰ অট’নমাছ ষ্টেট চমুকৈ জাকাছে৷ মঙলবাৰে বিয়লি ডিফুস্থিত জিলা প্ৰেছ ক্লাবত এক সংবাদ মেলৰ আয়োজন কৰি সংগঠনটোৰ অসন্তুষ্টিৰ কথা ব্যক্ত কৰে জাকাছৰ অধ্যক্ষ খৰছিং টেৰণে৷
টেৰণে সংবাদ মাধ্যমত সদৰি কৰা অনুসৰি মেঘালয়ৰ এদল উন্মত্ত জনতাৰ হেঁচাত পৰি অসম আৰক্ষীয়ে পশ্চিম কাৰবি আংলং-মেঘালয় সীমান্তৱৰ্তী এলেৰ উমখিৰিত খাটখাচালাত স্থাপন কৰা বিঅ’পিটোৰ লগতে লাম-লাকটুসহ আঁতৰাই অনাটো লজ্জাজনক কাণ্ড৷ সীমান্ত সমস্যা নতুন সমস্যা নহয়, এই সন্দৰ্ভত জিলাখনৰ অত্যন্দ্ৰ প্ৰহৰী হিচাপে কাম কৰা ছাত্ৰ আৰু যুৱ সংগঠন সমূহে অসম-নাগালেণ্ড, মেঘালয়ৰ আন্ত:ৰাজ্যিক সীমা সমস্যা, আন্ত: জিলা সীমা সমস্যা আৰু বিবাদৰ কথা কাৰবি আংলঙ স্বায়ত্ত শাসিত পৰিষদক বাৰে বাৰে অৱগত কৰি আহিছে যদিও পৰিষদখনে বিষয়টোত বিশেষ গুৰুত্ব আৰোপ নকৰি চকু মুদা কুলিৰ ভাও জুৰি আছে বুলি অভিযোগ কৰে৷