ছাইদুল ইছলাম, ডিফুঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ মহিলা সকলৰ সম অধিকাৰ আৰু সুৰক্ষাৰ বাবে ভূমিষ্ঠ হ’ল আন এক মহিলা সংগঠন৷ শুকুৰবাৰে দুপৰীয়া ডিফুস্থিত জিলা প্ৰেছ ক্লাবৰ কাৰ্যালয়ত এক সংবাদ মেলৰ আয়োজন কৰি এই কথা সদৰি কৰে নৱগঠিত সংগঠনটোৰ নেতৃ বৰ্গ সকলে৷
সাংবাদিকৰ আগত সদৰি কৰা অনুসৰি যোৱা ৭ জুলাইত ডিফুৰ পিএইছ ই আইবিত অনুষ্ঠিত এক সভাত সৰ্বসন্মত সিদ্ধান্ত মৰ্মে মেলিন ইংতিপীক সভানেত্ৰী আৰু ইণ্ডিকা ওৱাৰীক সাধাৰণ সম্পাদিকা হিচাপে লৈ ইউনাইটেড কাৰ্বি আংলং ৱমেন এছ’চিয়েছন নামৰ এক ৩৫ জনীয়া এক শক্তিশালী জিলা সমিতি গঠন কৰে৷