চিটিজেন ভিজিলেন্স এপচ'ত দাখিল কৰিব পাৰিব নিৰ্বাচনী আচৰণ বিধি ভংগ সংক্ৰান্তীয় অভিযোগ
ডিফুঃ আসন্ন ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি সংক্ৰান্তত কাৰবি আংলং জিলা উপায়ুক্ত মুকুল কুমাৰ মহন্তই ডিফুস্থিত উপায়ুক্ত কাৰ্যালয়ত শনিবাৰে এক সংবাদ মেলৰ আয়োজন কৰে৷ সংবাদ মেলৰ আৰম্ভনিতে উপায়ুক্ত গৰাকীয়ে নিৰ্বাচনৰ আদৰ্শ নিৰ্বাচনী আচৰণ বিধিক কোনো লোকে ভংগ কৰাৰ পিছত সেইজন লোকৰ বিৰুদ্ধে যিকোনো নাগৰিকে "cVIGIL" নামৰ এক বিশেষ এপচৰ সহায়ত ঘটনাৰ ফটো বা ভিডিঅ' আপলোড কৰি অভিযোগ দাখিল কৰিব পাৰিব বুলি এনআইচিৰ ডিআইঅ'ৰ জৰিয়তে এক উপস্থাপন আগবঢ়ায়৷
উক্ত বিশেষ এপচ্ টো নাগৰিকে নিজৰ এণ্ডদ্ৰয়ড মোবাইল ফোনৰ প্লে’ ষ্টৰৰপৰা সহজে ইনষ্টল কৰি আচৰণ বিধি ভংগ সংক্ৰান্তীয় ঘটনাৰ ২ মিনিটৰ ভিডিঅ' ক্লিক কৰি ৫ মিনিটৰ ভিতৰত' cVIGIL' এপচ অপেন কৰি এটি চমু টোকা টাইপ কৰি এপচৰ জৰিয়তে দাখিল কৰাৰ লগে লগে উপায়ুক্ত কাৰ্যালয়ৰ বিভাগীয় নিয়ন্ত্ৰণ কক্ষত এই সন্দৰ্ভত অৱগত হ’ব আৰু অভিযোগ দাখিল কৰা ঘটনাৰ উৎস ট্ৰেক কৰি তদন্তকাৰী বিষয়া উপস্থিত হৈ তদন্ত কৰি তদন্তকাৰী বিষয়া ১০০ মিনিটৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লাগিব৷
আনহাতে, অভিযোগকাৰী তোলা ভিডিঅ' ৫ মিনিটৰ ভিতৰত দাখিল কৰিব নোৱাৰিলে ই কোনো কাম নকৰিব লগতে অভিযোগকাৰীৰ নাম ঠিকনা উক্ত এপচৰ জৰিয়তে গম পোৱা নাযাব যদিও ঘটনাৰ তদন্তৰ উত্তৰ সন্দৰ্ভত অভিযোগকাৰীৰ মোবাইলত বাৰ্তা প্ৰেৰণ কৰা হ'ব বুলি বিভাগীয় উপস্থাপনৰ জৰিয়তে জানিব পৰা গৈছে৷ আনহাতে, উপায়ুক্ত মুকুল কুমাৰ শইকীয়াই ডিফু নিৰ্বাচন জিলাৰ ১৮ নং হাওৰাঘাট আৰু ১৯ নং ডিফু বিধান সমষ্টিৰ নিৰ্বাচনী কৰ্মী সকলক দুটা পৰ্যায়ত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে, প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ ইতিমধ্যে সম্পন্ন হৈছে আৰু অহা ৩ আৰু ৪ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত প্ৰশিক্ষণ প্ৰদান কৰা হ’ব বুলি জানিব দিছে৷
ইফালে, জিলা উপায়ুক্ত কাৰ্যালয়ে ডিফু আৰু হাওৰাঘাটৰ বিভিন্ন ঠাইত দক্ষ বিষয়া সকলৰ জৰিয়তে ভোটাৰ ৰাইজৰ মাজত ইভিএম আৰু প্ৰথমবাৰৰ বাবে ভিভি পিএটিৰ সন্দৰ্ভত ব্যাপক সজাগতা কাৰ্যসূচী লোৱা হয়৷ ৩১ মাৰ্চত দ্বিতীয় পৰ্যায়ৰ সজাগতা কাৰ্যসূচীত নিৰ্বাচনী প্ৰাৰ্থী আৰু সাধাৰণ পৰ্যবেক্ষকৰ উপস্থিতিত উপায়ুক্ত গৰাকীৰ নেতৃত্বত সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জনাইছে৷ নিৰ্বাচনী আয়ুক্ত মণ্ডলৰ নিৰ্বাচনী ব়্যয় পৰ্যবেক্ষক এইছ ছৈকাংথাঙে উপায়ুক্ত কাৰ্যালয়ৰ বিভিন্ন কোষ সমূহ পৰিদৰ্শন কৰি যায় বুলি কয়৷ এপ্ৰিলৰ প্ৰথম সপ্তাহত নিৰ্বাচন আয়োগৰ সাধাৰণ পৰ্যবেক্ষক ৰাজেশ কুমাৰ টপ্প আৰু ২৫ মাৰ্চত নিৰাপত্তা দিশ পৰ্যবেক্ষণ কৰিবলৈ আৰক্ষী পৰ্যবেক্ষক এছ মুখাৰ্জীয়েও পৰ্যবেক্ষক হিচাপে পৰিদৰ্শন কৰিব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷