Home ৰাজ্যচৰকাৰ-পৰিষদৰ বিফলতাই আস্থাহীন কৰিছে গণতন্ত্ৰক

চৰকাৰ-পৰিষদৰ বিফলতাই আস্থাহীন কৰিছে গণতন্ত্ৰক

by News Desk
A+A-
Reset
df2e992a-b134-4008-979f-76a8cbe5ec15

ডিফুঃ এক, দুই, পাঁচ বা দহ কিল’মিটাৰ নহয়, সুদীৰ্ঘ ২১ কিল’মিটাৰ বাট৷ পদপথেৰে সমদল কৰি আহি আজি কাৰ্বি পাহাৰৰ সদৰ চহৰ ডিফুত একাংশ ভিতৰুৱা গাওঁবাসীয়ে তেওঁলোকৰ বিভিন্ন জলন্ত সমস্যা সম্বলিত স্মাৰক-পত্ৰ দিবলৈ অহা কাৰ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ যি সময়ত ভাৰতীয় জনতা পাৰ্টীয়ে ‘সব কা সাথ সব কা বিকাশ’ আৰু সুশাসনৰ মন্ত্ৰৰে পৰিৱৰ্তনৰ শ্ল’গান দি আহিছে, ঠিক তেনে সময়ত বিজেপি নেতৃত্বাধীন কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ অন্তৰ্গত লুম্বাজং পৰিষদীয় সমষ্টিৰ এলেকাৰ একাংশ গাওঁবাসীয়ে চৰকাৰৰ উন্নয়ণৰপৰা বঞ্চিত হৈ এনেদৰেই প্ৰতিবাদ সাব্যস্ত কৰে৷ সদৰ চহৰ ডিফুৰপৰা ২১ কিল’মিটাৰ নিলগৰ মাঞ্জা থানা এলেকাধীন ২নং ডিমাচা গাঁও এলেকাৰ ২৫ খন গাঁৱৰ বাসিন্দাই পকী ৰাস্তা, বিদ্যালয়, খোৱাপানী আদি বিভিন্ন সমস্যা পূৰণৰ দাবীৰে আজি ডিফু ছেমচন সিং ইংতি মেম’ৰিয়েল পাৰ্কত সমবেত হৈ এল ৱাই ডি চি, কে এছ ৱাই চি, মাঞ্জা এলেকা কাউঞ্চিল আৰু কে এছ এ মাঞ্জা এলেকাৰ নেতৃত্বত কাৰ্বি পৰিষদৰ মুখ্য সদস্য তুলিৰাম ৰংহাং আৰু কাৰ্যবাহী সদস্য তথা স্থানীয় এম এ চি ৰতন টেৰণক এক স্মাৰক-পত্ৰ অৰ্পণ কৰে৷ সংবাদ মাধ্যমৰ আগত ২নং ডিমাচা গাঁও এলেকাৰ বাসিন্দাসকলে কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ ৬৭ বছৰ পাৰ হোৱাৰ পাছতো গাঁওসমূহত যোগাযোগৰ বাবে উপযুক্ত বাট-পথ, বিশুদ্ধ খোৱাপানী, ভূমি পট্টা, বিদ্যালয় আদিৰ সুব্যৱস্থা নথকাক লৈ ক্ষোভ উজাৰে৷ প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে কাৰ্ড, বেনাৰ ফেষ্টুন আদি লৈ ‘ন’ ৰোড ন’ ভোট’ শ্ল’গান দিয়াৰ লগতে তেওঁলোকৰ দাবী পূৰণ নহ’লে সকলো নিৰ্বাচন বৰ্জন কৰাৰো হুংকাৰ দিয়ে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0