ডিফুঃ ডিফু চহৰৰ অপায়-অমংগল দূৰীকৰণৰ বাবো দেওবাৰে কাৰ্বি পৰাম্পৰাগত ৰংকেৰ পূজা সম্পন্ন কৰা হয়৷ গ্ৰেটাৰ বাজাৰ কমিটী ডিফুৰ উদ্যোগত কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত ৰংকেৰ পূজা সম্পন্ন কৰা হয়৷ 

কাৰ্বিসকলৰ জনবিশ্বাস মতে এই পূজা সম্পন্ন কৰিলে গাঁৱৰ অপায়-অমংগল, বাধা-বিঘিনি আদিৰ প্ৰতিকাৰ হয়৷ এই পূজাত কাৰ্বিসকলৰ আৰাধ্য গুৰু হেম্ফু মুক্ৰাং ৰাচিংজাৰ সন্তুষ্টিৰ বাবে পূজাৰীসকলে পূজা কৰে৷ 

মূলতে এই পূজা গাঁও সমূহতে অধিক প্ৰচলিত যদিও ডিফু চহৰৰ অপায়-অমংগল, শান্তি-সম্প্ৰীতিৰ বাবে যোৱা বছৰৰপৰা চহৰখনত ৰাজহুৱাভাৱে সম্পন্ন কৰি থকা হৈছে এই পূজা৷ 

এই উপলক্ষে চহৰৰ হৃদয়স্থলীত চাৰিটা থান ক্ৰমে, ডিফু, ইংলংকিৰি, ইংলং কেহাই আৰু ধৰম থানত ৰংকেৰ পূজা কৰি প্ৰভু হেম্ফু মুক্ৰাং ৰাচিংজাৰ নামত ছাগলী, বগা আৰু ৰঙা ৰঙৰ কুকুৰা উৎসৰ্গা কৰা হয়৷

ডিফু থানৰ মুখ্য পূজাৰী জেনচিং ৰংহাঙে সাংবাদিকৰ আগত কয় যে, এই পূজা পূৰ্বৰেপৰা জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৰ শান্তি আৰু মংগলৰ বাবে কৰি অহা হৈছে আৰু ভৱিষ্যতেও হৈ থাকিব৷ 

ডিফু চহৰৰ ব্যৱসায়ীসকলৰ যি কোনো ধৰণৰ অসূয়া-বিপত্তি দূৰীকৰণৰ বাবে আজি প্ৰভু হেম্ফু মুক্ৰাঙৰ ওচৰত প্ৰাৰ্থনা জনোৱা হৈছে৷ গ্ৰেটাৰ বাজাৰ কমিটী ডিফুৰ সভাপতি বীৰেণ ৰংপি আৰু অনান্য সদস্যসকলে পূজা-অৰ্চনাত পূৰ্ণ সহযোগিতা আগবঢ়ায়৷ বহু লোকে পূজাৰ মহাপ্ৰসাদ গ্ৰহণ কৰি প্ৰভু হেম্ফুৰ আশীৰ্বাদ গ্ৰহণ কৰে৷