ছাইদুল ইছলাম, ডিফুঃ সমগ্ৰ ৰাজ্যৰ লগত সংগতি ৰাখি পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুৰ লৰুলাংছ’স্থিত ৰাংছিনা ছাৰপ’ সাংস্কৃতিক প্ৰেক্ষাগৃহত আপকুৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত ক’লাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ স্মৃতি দিৱসটি দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়৷
আপকুৰ কাৰ্বি আংলং জিলা সমিতিৰ প্ৰথম বৰ্ষপুৰ্তিৰ প্ৰথম কাৰ্যসূচী হিচাপে গণশিল্পী গৰাকীৰ স্মৃতি আৰু সন্মানৰ বাবেই ৰাভা দিৱসটি উদযাপন কৰা হয় বুলি উদ্যোক্তা সকলৰপৰা জানিব পৰা গৈছে৷ আপকুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মনোজ সিঙৰ পৌৰুহিত্যত অনুষ্ঠিত মুকলি সভাৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠাত জিলাখনৰ সংবাদ জগতৰ লগত জড়িত আৰু সু-লেখক ক্ৰমে লংচিং টেৰণ, সঞ্জু বৰা আৰু জয়ছিং টকবীক বিশেষভাৱে আপকু কাৰ্বি আংলং জিলা সমিতিৰ তৰফৰ সম্বৰ্ধনা জনোৱা হয়৷