67
ডিফুঃ বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনে কাৰ্বি আংলং জিলাৰ জনসাধাৰণক মানৱীয় সেৱাৰ স্বাৰ্থত ডিফুৰ ক্লুৰডুঙত এক বিনামূলীয়া স্বাস্থ্য শিৱিৰৰ আয়োজন কৰে৷
উক্ত শিৱিৰৰ যোগেদি শনিবাৰে অঞ্চলটোৰ মুঠ ১০০ জন পুৰুষ, ৫০ গৰাকী মহিলা, ৭০ টি শিশু আৰু ৭০ গৰাকী জ্যেষ্ঠ নাগৰিক উপকৃত হয়৷ বিনামূলীয়া চিকিৎসা শিৱিৰটোত বিনামূলীয়া চিকিৎসা সেৱা, ঔষধ আৰু পৰামৰ্শ প্ৰদান কৰা হয়৷