ছাইদুল ইছলাম, ডিফুঃ শনিবাৰে ঘোষিত অসম উচ্চতৰ মাধ্যমিকৰ শিক্ষান্ত পৰীক্ষাৰ ফলাফলত কাৰবি আংলঙৰ উত্তীৰ্ণৰ হাৰ ক্ৰমে, ক’লা শাখাত ৬০’৮১, বাণিজ্যত ৮৬’ ৮৩ শতাংশ আৰু বিজ্ঞান শাখাত ৮২ শতাংশ ৷
ইয়াৰে ক’লা শাখাত ৪০১৪ গৰাকী পৰীক্ষাত অৱতীৰ্ণ হৈ ২৪৪১ গৰাকী উত্তীৰ্ণ হয়, প্ৰথম বিভাগত ১৩৩, দ্বিতীয় বিভাগত ৪৬২ আৰু তৃতীয় বিভাগত ১৮৪৬ গৰাকী উত্তীৰ্ণ হয় ৷ বাণিজ্য শাখাত ৪৬৩ গৰাকী পৰীক্ষাত অৱতীৰ্ণ হৈ ৪০২ গৰাকী উত্তীৰ্ণ হয়, প্ৰথম বিভাগত ৬৮, দ্বিতীয় বিভাগত ১৫০ আৰু তৃতীয় বিভাগত ১৮৪ গৰাকী উত্তীৰ্ণ হয় ৷