ডিফুঃ দৈনিক বৃদ্ধি পাই অহা পথ দুৰ্ঘটনাৰ হাৰ হ্ৰাস কৰাৰ বাবে জিলা পৰিবহন বিভাগে ২৬, ২৮ আৰু ২৯ মাৰ্চত তিনিদিনীয়া কাৰ্যসূচীৰে মঙলবাৰে ডিফুৰ কাৰেং কাউণ্টাৰ চৌহদত পথ সুৰক্ষাৰ ওপৰত সংসত শিক্ষা সজাগতা অভিযানৰ শুভাৰম্ভণি কৰে৷
কাৰ্বি আংলং জিলা পৰিবহন বিষয়া দিব্যজ্যোতি কাৰ্জিয়ে পৌৰহিত্য কৰা সজাগতা সভাখনৰ উদ্দেশ্য বাখ্যা কৰে এনফৰ্চমেণ্ট বিষয়া অংশুমান বিশ্বাসে৷ মুখ্য অতিথি তথা জিলা পৰিবহন বিষয়া তথা সভাৰ সভাপতি দিব্যজ্যোতি কাৰ্জিয়ে ভাষণ প্ৰসংগত সকলো মটৰ চালকক উদ্দেশ্যি জিলাখন দুৰ্ঘটনামুক্ত জিলালৈ পৰিণত কৰাৰ বাবে হেলমেট, ছীট বেল্ট আদি ব্যৱহাৰ কৰি গাড়ী চলোৱাৰ লগতে মদ্যপান নকৰাকৈ নিৰাপদ গাড়ী চলোৱা আৰু ব্যক্তিগত তথা বাণিজ্যিক বাহনসমূহৰ যাৱতীয় নথি-পত্ৰ শুদ্ধভাৱে ৰাখিবলৈ আহ্বান জনায়৷