ডিফুঃ ডিফু নগৰৰ লগতে ডিফু নদীৰ সৌন্দৰ্য বৰ্দ্ধনৰ বাবে কাৰবি আংলং জিলা স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ প্ৰতিটো উন্নয়নমুখী কামত টীম কাৰবি আংলঙৰ সদস্য হিচাপে সক্ৰিয় সহায়ৰ হাত আগবঢ়োৱা হ’ব বুলি শনিবাৰে ডিফু নদীত নৱনিযুক্ত ৱাৰ্ড কমিচনাৰ সকলক লৈ চাফাই অভিযানত নামি পৰা অধ্যক্ষ ৰাহ ক্ৰ’ই গুৰুত্ব পূৰ্ণ মন্তব্য আগবঢ়ায়৷
বিজেপিয়ে দখল কৰা ডিফু নগৰ সমিতিত অধ্যক্ষৰ পদ অলংকৃত কৰা ৰাহ ক্ৰ’ই তেওঁৰ কাৰ্যকালৰ প্ৰথম কাৰ্যসূচীৰ অংশ স্বৰূপে তুলিৰাম ৰংহাঙৰ সপোনৰ প্ৰজেক্ট ডিফু নদীৰ চাফাই অভিযানৰ প্ৰতি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে৷