ডিফুঃ ক্ৰমান্বয়ে হিংসাত্মক হ’ব ধৰিছে ডিফু নগৰ সমিতিৰ চাফাই কৰ্মীৰ প্ৰতিবাদ৷ বিগত ১১ দিন ধৰি ডিফু নগৰ সমিতিৰ শ্ৰমিক-কৰ্মচাৰীয়ে ৫২ মাহৰ বকেয়া আদায়ৰ দিয়াৰ দাবীত কৰ্ম বিৰতি পালন কৰি প্ৰতিবাদ কৰি আহিছে৷ এই প্ৰতিবাদে মঙলবাৰৰ পৰা হিংসাত্মক হ’ব ধৰিছে৷ নগৰ সমিতি খনৰ চাফাই কৰ্মচাৰী সকলৰ দাবীক গুৰুত্ব প্ৰদান নকৰাত চাফাই কৰ্মীসকল ক্ষোভিত হৈ পৰে৷
নগৰ সমিতিয়ে আলোচনাৰ বাবে আমন্ত্ৰণ নকৰাত চাফাই কৰ্মীসকল হতাশ হৈ হিংসাৰ আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে৷ মঙলবাৰে শিলাবৰ্ষণ কৰি ক্ষান্ত নাথাকি চাফাই কৰ্মীসকলে বুধবাৰে কাৰ্যালয়ৰ চকী-মেজ কাৰ্যালয়ৰ চৌহদত জ্বলাই দি নগৰ কাৰ্যালয়ত শিলাবৰ্ষণ কৰি খিৰিকিৰ গ্লাছ আদি চূৰ্ণ-বিচূৰ্ণ কৰে৷ বিগত ১১ দিনৰ পৰা ডিফু নগৰ সমিতিৰ ৫২ মাহৰ বকেয়া আদায়ৰ দাবীত পালন কৰি অহা কৰ্ম বিৰতিয়ে মঙলবাৰৰ পৰা হিংসাত্মক হ’ব ধৰিছে৷