ডিফুঃ কেন্দ্ৰীয় চৰকাৰৰ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক- ২০১৬ বাতিলৰ দাবীত প্ৰতিৰোধ সমাৱেশত অংশগ্ৰহণ কৰিবলৈ সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি ৬০ টা জাতীয় সংগঠনৰ গুৱাহাটীলৈ ‘সংকল্প যাত্ৰা’ৰ প্ৰতি সহাঁৰি জনাই আজি পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুৰপৰাও কে এছ এ, ডি এছ ইউ, কে এন এ, আৰ এন এছ ইউ আৰু এন এছ এমৰ উদ্যোগত প্ৰায় শতাধিক মটৰচাইকেল প্ৰতিবাদকাৰীয়ে ডিফু চহৰৰপৰা গুৱাহাটীলৈ বুলি সংকল্প যাত্ৰা উলিয়ায় ৷
প্ৰতিবাদকাৰীসকলে হাতে হাতে নিজ নিজ সংগঠনৰ পতাকা, প্লে কাৰ্ড আদি লৈ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, আমাৰ দাবী মানিবই লাগিব আদি চৰকাৰ বিৰোধী ধ্বনিৰে ডিফুৰ আকাশ-বতাহ কঁপাই তোলে ৷