Home ৰাজ্যস্মাৰ্ট চিটিৰ উদ্দেশ্যেৰে ডিফুত ডাষ্টবিন বিতৰণ

স্মাৰ্ট চিটিৰ উদ্দেশ্যেৰে ডিফুত ডাষ্টবিন বিতৰণ

by News Desk
A+A-
Reset
eff60f88-0836-4442-8c35-6fc9d1ecc848

ডিফুঃ ডিফু চহৰক স্মাৰ্ট চিটি, স্বচ্ছ আৰু এখন জাকত জিলিকা চহৰ হিচাপে গঢ়ি তুলিবলৈ কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ডিফু চহৰৰ পথ বহলকৰণ, সৌৰ ষ্ট্ৰীট লাইটৰ পথ নিৰ্মাণ আদি নানাধৰণৰ উন্নয়ণমূলক আঁচনিৰ যুদ্ধগতিত সফল ৰূপায়ণ কৰি থকাৰ সমান্তৰালকৈ আজি ডিফু চহৰ পৰিদৰ্শন কালত স্বচ্ছভাৰত অভিযানৰ অংশ স্বৰুপে চহৰ খনৰ বিভিন্ন ঠাইত ৩০ টা ডাষ্টবিন বিতৰণ কৰে৷ 

চহৰখনত অতিশীঘ্ৰে ৮০ টা ডাষ্টবিন স্থাপন কৰা হ’ব বুলি সদৰি কৰে মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে৷ আধুনিক নিখুঁত বৰ্জিত সামগ্ৰী ব্যৱস্থাপনা আঁচনিৰ জৰিয়তে চহৰখনক স্মাৰ্টচিটি হিচাপে গঢ়ি তুলিবলৈ প্ৰতিঘৰৰ দুৱাৰে দুৱাৰে জাঁবৰ সংগ্ৰহৰ ব্যৱস্থা কৰা হ’ব বুলিও মন্তব্য কৰে৷ ডাষ্টবিন বিতৰণ কাৰ্যসূচীত মুখ্য কাৰ্যবাহী সদস্য গৰাকীৰ সৈতে পৰিষদৰ অধ্যক্ষ লংকি তিমুঙ, কেইবাগৰাকী ইএম আৰু এমএচিয়ে অংশ গ্ৰহণ কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0