46
ডিফুঃ ডিফু চহৰৰ মাজমজিয়াত এজন লোকে শনিবাৰে চিপ লৈ আত্মহত্যা কৰা ঘটনাত চহৰখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
প্ৰাপ্ত তথ্য অনুসৰি, ডিফু দৈনিক বজাৰত থকা ডিকে এণ্টাৰপ্ৰাইজত মেনেজাৰ হিচাবে কাম কৰা শক্তি ৰঞ্জন দাস (৪৯)-এ অইন দিনৰ দৰে দোকানত কৰ্তব্যত যোগদান কৰাৰ পাছত পুৱা ১০ মান বজাত ডিফু চহৰৰ মাজেৰে যোৱা এমজি ৰোডৰ ইউবিআই বেংকৰ বিপৰীত দিশত থকা গুদামৰপৰা মাল আনিবলৈ যায়৷