ডিফুঃ যোৱা দেওবাৰে মাৰ্চ এণ্ডিঙৰ নিশাৰপৰা ডিফু ট্ৰেজাৰী কাৰ্যালয়ৰ ঘোচ কাণ্ডক লৈ সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিয়ে বুধবাৰে এক নতুন মোৰ লয়৷
কাৰ্বি আংলং জিলা উপায়ুক্তই ছীল কৰি থোৱা ডিফু কোষাগাৰ কাৰ্যালয়টোত গুৱাহাটীৰপৰা অহা বিত্ত আৰু কোষাগাৰ বিভাগৰ সঞ্চালক ৰমেন চৌধুৰী, গুৱাহাটীৰ জ্যেষ্ঠ বিত্ত আৰু গানণিক বিষয়া শৰৎ টেৰণ, অতিৰিক্ত উপায়ুক্ত নৰচিং বে, আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়, অতিৰিক্ত আৰক্ষী অধীক্ষক ইন্দ্ৰনীল বৰুৱা, উপ-আৰক্ষী অধীক্ষক আৰু ডিফু থানাৰ অ’চি দীপেন দাসে অভিযান চলাই কোষাগাৰ বিষয়া অমৰেন্দ্ৰ শৰ্মাৰ তলা মৰা ড্ৰয়াৰ এটাৰপৰা এটা বেগ আৰু প্লাষ্টিকত ৰাখি থোৱা নগদ ৫ লাখ ৫৬ হাজাৰ ১শ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷