ছাইদুল ইছলাম, ডিফুঃ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে বিগত পৰিষদীয় নিৰ্বাচনত বিজেপিৰ হৈ নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে দ্বিতীয়বাৰৰ বাবে মুখ্য কাৰ্যবাহী সদস্য ৰূপে অধিষ্ঠিত হোৱাৰ বাবে আজি সম্বৰ্ধিত হয়৷ 

আজি কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নৱ নিৰ্মিত সচিবালয়ত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ চেম্বাৰত ৰংহাঙক সাক্ষাৎ কৰি জাম্বলী লিটাৰেৰী ফাউণ্ডেছনৰ হৈ সভাপতি ওৱেলছিং হাঞ্চে, সাধাৰণ সম্পাদক অন টেৰণ আৰু সদস্য সকলে সম্বৰ্ধনা আৰু শুভেচ্ছা জ্ঞাপন কৰে৷ 

মুখ্য কাৰ্যবাহী সদস্য গৰাকীৰ দ্বিতীয় কাৰ্যকালৰ বাবে শুভেচ্ছা জনাই পৰিষদৰ কাৰ্যবাহী সদস্য ক্ৰমে, ৰূপছিং টেৰণ আৰু মঙলছিং তিমুঙ আৰু প্ৰদীপ ডিফুছাৰ উপস্থিতিত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক কাৰ্বি পহ', স্মাৰক আৰু প্ৰশংসা পত্ৰৰে সম্বৰ্ধনা জনায় জাম্বলী লিটাৰেৰী ফাউণ্ডেছনে৷