ডিফুঃ পাহাৰীয়া জিলা কাৰবি আংলঙৰ সদৰ চহৰ ডিফুৰ একমাত্ৰ চৰকাৰী মহাবিদ্যালয় খনৰ বাবে এক সুখবৰ ৷ প্ৰাপ্ত খবৰ অনুসৰি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সাংসদৰ অধীনত ২০১৯ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ডিফু চৰকাৰী মহাবিদ্যালয়ে অসমৰ ভিতৰত সৰ্বশ্ৰেষ্ট মূল্যায়ণ মণ্ডল হিচাপে সম্মান পাইছে ৷
মহাবিদ্যালয় খনৰ অধ্যক্ষ ডা: নিৰব কুমাৰ শৰ্মাই সাংবাদিকৰ আগত মহাবিদ্যালয়খনে উচ্চতৰ মাধ্যমিক মূল্যায়ণ মণ্ডল হিচাপে ১৪৩ খন মূল্যায়ণ মণ্ডলৰ ভিতৰত সৰ্বশ্ৰেষ্টৰ সন্মান অৰ্জন কৰাত তেওঁ যথেষ্ঠ সুখী আৰু গৌৰৱ অনুভব কৰিছে বুলি জনাইছে ৷