Home ৰাজ্যঅবৈধ অজনজাতি সকলৰ নাম কৰ্তনৰ দাবীত ডিফুত ২৪+ সংগঠনৰ গণ প্ৰতিবাদ

অবৈধ অজনজাতি সকলৰ নাম কৰ্তনৰ দাবীত ডিফুত ২৪+ সংগঠনৰ গণ প্ৰতিবাদ

by News Desk
A+A-
Reset
diphu2

newsnextoneডিফু,৫ অক্টোবৰঃ  আজি কাৰবি আংলং স্বায়ত্ত পৰিষদৰ ভোটাৰ তালিকাৰ পৰা অবৈধ অজনজাতি সকলৰ নাম কৰ্তন আৰু বিভিন্ন দাবীলৈ পাহাৰীয়া জিলাখনৰ বিভিন্ন জনজাতীয় সংগঠনেৰ ২৪ টাতকৈও অধিক সংগঠনে ডিফুৰ ৰাজপথ উত্তাল কৰি তোলে ৷  প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লে কাৰ্ড বেনাৰ, ফেষ্টুনলৈ ” ন’ অট’নমাছ ষ্টেট ন’ ৰেষ্ট ” কাৰবি কাষ্টমাৰী ল’ বলৱৎ কৰক, ভোটাৰ তালিকাৰ পৰা অবৈধ অজনজাতিৰ নাম কৰ্তন কৰক,ষষ্ঠ অনুসূচীত জাতি  দীৰ্ঘজীৱি হওক, বংগ সেনা গ’ বেক, আদি  শ্লগানেৰে ডিফুৰ আকাশ-বতাহ কঁপাই তোলে ৷ 

blank
২৪ + সংগঠনৰ ডিফুৰ ছেমচন চিং ইংতি মেম’ৰিয়েল পাৰ্কত অনুষ্ঠিত সভাত সংগঠন সমূহৰ মুখ্য আহ্বায়ক অৱসৰ প্ৰাপ্ত আইএছ বিষয়া জন ইংতি কাথাৰে প্ৰতিবাদকাৰী সকলক সম্বোধন কৰে ৷ 
প্ৰতিবাদকাৰী সকলে জিলাখনত আওপুৰণি নীতিৰে কাৰ্বি স্বায়ত্ত পৰিষদে অবৈধ অজনজাতি সকলকলৈ কাৰ্বি পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰি অহাৰ বিৰোধীতাৰে ইয়াক ষষ্ঠ অনুসূচীত জাতিৰ সংবিধানৰ অপৰিপন্থী বুলি অভিহিত কৰে৷ ভাৰতীয় সংবিধানত থকা ষষ্ঠ অনুসূচীত জাতিৰ বাবে থকা অনুচ্ছেদ ২০ অনুসৰি পৰিষদৰ ভোটাৰ তালিকাৰ পৰা অবৈধ অজনজাতি সকলৰ নাম কৰ্তনেৰে পৰিষদৰ ভোটাৰ তালিকা শুধৰণি কৰা, অনুচ্ছেদ ২ আৰু উপ-অনুচ্ছেদ ৭ অনুসৰি পৰিষদীয় নিৰ্বাচনৰ বাবে আইন আৰু নীতি প্ৰস্তুত কৰা, ১৮৮৬ চনৰ অসম চৰকাৰৰ ৰাজহ আৰু ভূমি নীতি বিলুপ্ত কৰি কাৰ্বি কাষ্টমাৰী বলবৎ কৰা, ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত থকা অনুচ্ছেদ  ৩ আৰু উপ-অনুচ্ছেদ  ১ৰ (ঙ), (চ) (ছ )(জ) আৰু (ঝ) অনুসৰি জনজাতীয় গ্ৰাম পৰিষদ গঠন কৰা আদি লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0