দলংঘাটঃ দৰং জিলাৰ পশ্চিম প্ৰান্তত অৱস্থিত একমাত্র উচ্চ শিক্ষানুষ্ঠান দেওমৰনৈ স্নাতক মহাবিদ্যালয়ত অসমীয়া বিভাগৰ উদ্যোগত আজি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আধুনিক সমাজ আৰু লোক সংস্কৃতি শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হয়।
দেওমৰনৈ স্নাতক মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা অনিতা দেৱীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা আলোচনা চক্ৰখনিৰ বন্তি প্রজ্বলন কৰে অৱসৰী শ্ৰম বষয়া তথা মহাবিদ্যালয় পৰিচালনা সমিতিৰ সদস্য ভুচন্দ্ৰ শৰ্মাই৷ আলোচনা চক্ৰ খন উদ্বোধন কৰে দেওমৰনৈ মহাবিদ্যালয় (কনিষ্ঠ)ৰ অধ্যক্ষ মতিৰাম শইকীয়াই৷