ৰৌতাত চিআৰপিএফৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া খেলা সামগ্ৰী বিতৰণ ।

Home ৰাজ্যৰৌতাত চিআৰপিএফৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া খেলা সামগ্ৰী বিতৰণ ।

ৰৌতাত চিআৰপিএফৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া খেলা সামগ্ৰী বিতৰণ ।

by News Desk
49 views
A+A-
Reset

www.newsnextone.com।ৰৌতা: ওদালগুৰি জিলাৰ ৰৌতাত শুক্ৰবাৰে ১৩৬ বিএন চিআৰপিএফৰ উদ্যোগত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়া খেলৰ সামগ্ৰী বিতৰণ অনুষ্ঠান অনুষ্ঠিত হৈ যায় ।
নলবাৰী স্থিত G/136 BN চিআৰপিএফৰ উদ্যোগত স্কুলীয়া ছাত্ৰ-ছাত্ৰীক খেলৰ প্ৰতি আগ্ৰহী কৰোৱাৰ উদ্দেশ্যে শুক্ৰবাৰে ৰাতিপুৱা ১১ বজাত ৰৌতা দণ্ড চহৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গণত উক্ত অনুষ্ঠান অনুষ্ঠিত হয় ।
136 BN চিআৰপিএফৰ কমাণ্ডেন্ট পি.চি. চৌহানৰ উপস্থিতিত লালপুল হাইস্কু, ঝাৰগাঁও এম.ই স্কুল, দণ্ড চহৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰৌতা চাৰিআলিত ছোৱালী হাইস্কুল, জয় ভাদ্ৰা হাগজাৰী মেমৰিয়েল হাইস্কুল আৰু লাইলাংপাৰা হাই স্কুলৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত ফুটবল,ভলীবল,বেডমিন্টন,ক্ৰিকেট আদি বিভিন্ন খেলৰ সামগ্ৰী বিতৰণ কৰে ।
উক্ত অনুষ্ঠানত চিআৰপিএফৰ কামাণ্ডেন্ট পি.চি চৌহানে ভাষণ প্ৰসংগত কয় যে, ছাত্ৰ ছাত্ৰী সকলে পঢ়া-শুনা কৰাৰ সমান্তৰালকৈ সদায় খেল ধূলাও কৰিব লাগে । খেল সকলোৰে জীৱনৰ বাবে অতি প্ৰয়োজনীয়, খেল-ধেমালিৰ জৰিয়তে ভাতৃত্ববোধ গঢ় লৈ উঠে । ইয়াৰ উপৰিও চৌহানে ছাত্ৰ ছাত্ৰী সকলক স্বৰ্ণ কন্যা হীমা দাসক আদৰ্শ হিচাপে লৈ ভৱিষ্যতে দেশক প্ৰতিনিধিত্ব কৰিবলৈ আহ্বান জনায় ।
উক্ত অনুষ্ঠানত মাজবাট বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰক্ষেশ্বৰ ব্ৰহ্মৰ লগতে বিভিন্ন বিদ্যালয়ৰ প্ৰধান শিক্ষক সকল আৰু প্ৰায় পাঁচ শতাধিক স্কুলীয়া ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0