লংকাঃ হোমৰ জুইক সাক্ষী কৰি বিবাহপাশত আৱদ্ধ হোৱাৰ ২৪ ঘন্টা পাৰ নৌহওঁতেই দৰাৰ গালৈ সেন্দুৰ দলিয়ালে কইনাই৷ যাৰ বাবে লাগিল দৰা-কইনাৰ পয়মাল৷ পয়মালে গৈ এনে পৰ্যায় পালে যে দৰা-কইনা উভয়ে আৰক্ষী থানাত ভৰি দিবলগীয়াত পৰে।
হোজাই জিলাৰ লামডিঙত বৃহস্পতিবাৰে নিশা বাহী বিয়াৰ দিনাই দৰা-কইনা থানালৈ যাব লগীয়া হোৱা ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ সাধাৰণ কথাতে মতানক্য হৈ কইনাক মাকৰ ঘৰতে এৰি দৰা নিজ ঘৰলৈ গুচি অহাৰ পাছতে কইনাপক্ষ আৰক্ষী থানালৈ যাব লগীয়া হয়৷ ঘটনা সন্দৰ্ভত পিছত দৰা-কইনা দুয়ো আৰক্ষী থানাত উপস্থিত হৈ গোচৰ দিয়ে।