হোজাইঃ হোজাই জিলাৰ ডবকাত একাংশ দুষ্ট চক্ৰৰ লোকে সতামপুুৰুষীয়া শান্তি-সম্প্ৰীতি বিনষ্ট কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। ডবকা আৰক্ষী থানাৰ অন্তৰ্গত মাদাৰতলিৰ কমলা দেৱী মন্দিৰৰ নিচেই কাষতে যোৱা ১৭ জুনত কোনো অজ্ঞাত দুৰ্বৃত্তই স্থানীয় এগৰাকী লোকৰ এটা গৰু পথাৰৰ পৰা এৰাল দি থকা অৱস্থাৰ পৰা চুৰি কৰি নি হত্যা কৰি পেলাই থৈ যোৱা ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌহওঁতেই আজি পুনৰ এনে কাণ্ড সংঘটিত হোৱাত হতভম্ব হৈ পৰিছে স্থানীয় ৰাইজ।
ঘটনাৰ বিৱৰণী মতে, মদাৰতলি গাঁৱৰ কবিৰাম বসুমতাৰী নামৰ লোকজনৰ এটা বলধ গৰু কোনো দুৰ্বৃত্তই চোৰ কৰি নি ডবকা পাহাৰত কাটি পেলোৱাক কেন্দ্ৰ কৰি এই প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত এক চেপা উত্তেজনা বিৰাজ কৰিছে৷