গোৰেশ্বৰ/ৰঙিয়াঃ ৰাজ পথৰ পৰা এগৰাকী চিআৰপিএফৰ বিষয়াক চোকা অস্ত্ৰ দেখুৱাই ৫ লাখ টকা লুটি নিয়া ঘটনাৰ সৈতে জড়িত দুৰ্বৃত্তক অৱশেষত জালত পেলাবলৈ সক্ষম হ’ল অসম আৰক্ষী৷ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত মুন আলী আৰু জালাল আলীক আটক কৰিবলৈ সক্ষম হয়৷ ৰঙিয়াৰ সমীপৰ খন্দিকৰৰ পৰা জালাল আলী আৰু ৰঙিয়া ইছলামপুৰৰ পৰা মুন আলী নামৰ যুৱক দুজনক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।
বাক্সা জিলাৰ গোৰেশ্বৰ থানা এলেকাৰ কদমগুৰিত ৰাজ পথৰ পৰা ১৫ অক্টোবৰত দিন দুপৰতে এগৰাকী চিআৰপিএফৰ বিষয়াক দুৰ্বত্তই লুটি নিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল গোৰেশ্বৰত৷ এএচ-০১-বিজেদ-৭৮০৪ নম্বৰৰ আই-১০ গাড়ীৰে গোৰেশ্বৰৰ পৰা বঙাইগাঁও অভিমুখে গৈ থকা অৱস্থাত গোৰেশ্বৰ টাউনৰ সমীপৰ কদমগুৰিত জনশূন্য ঠাইত দুৰ্বৃত্তৰ দলে অস্ত্ৰ দেখুৱাই লুটি নিছিল ৫ লাখ টকা৷ গোৰেশ্বৰ ৰামছা চ’কস্থিত চিআৰপিএফৰ কেম্পৰ অ’চি প্ৰশান্ত সিংহৰ পৰা টকাখিনি লুটি নিয়াৰ পিছৰে পৰা বাক্সা জিলাৰ আৰক্ষীয়ে কামৰূপ আৰক্ষীৰ সহযোগত তীব্ৰ অভিযান অব্যাহত ৰাখিছিল৷