ডিজিটেল ডেস্কঃ চোৰ বা ডকাইত নাই ক’ত? বিশ্বৰ সকলো প্ৰান্ততে এটা শ্ৰেনী আছে৷ যিয়ে পলকতে ধনী হ’ব বিচাৰে৷ অতি কম কষ্টেৰে যিয়ে লাভ কৰিব বিচাৰে বুজন পৰিমাণৰ ধন৷ আৰু এই বিশেষ শ্ৰেণীটোৱেই হৈ পৰে চোৰ, ডকাইত, দুৰ্বৃত্ত৷

আনহাতে Clementsৰ মতে বিশ্বৰ সকলোতকৈ বেছি হত্যা, ধৰ্ষণ, ডকাইতি সংঘটিত হোৱা দেশবোৰৰ ভিতৰত ভাৰতৰ স্থান হৈছে সপ্তম৷ ভাৰতত প্ৰতি ৪ মিনিটৰ মূৰে মূৰে সংঘটিত হয় অপৰাধ৷ দেশৰ চুকে-কোণে সিঁচৰতি হৈ  আছে অপৰাধকাৰী৷ চোৰ, ডকাইত, হত্যাকাৰী, দুৰ্বৃত্তই দিনৰ পোহৰতে সংঘটিত কৰে অপৰাধ৷

বিশ্বৰ সপ্তম সৰ্ববৃহৎ অপৰাধীৰ ঘাটীলৈ পৰিণত হোৱা ভাৰতত পুনৰ এক অপৰাধ সংঘটিত হোৱাৰ আগতে ৰোধ কৰিবলৈ সক্ষম হ’ল পুলিচ প্ৰশাসনে৷ উত্তৰ প্ৰদেশৰ লক্ষ্নৌ চহৰৰ এখন বজাৰত আজি এটা দুৰ্বৃত্তৰ দলে সন্ত্ৰাস চলোৱাৰ প্ৰাক মুহূৰ্ততে উত্তৰ প্ৰদেশ আৰক্ষীয়ে দুৰ্বৃত্তৰ দলটোক বাধা প্ৰদান কৰে৷

ঘটনা অনুসৰি আজি পুৱাৰ ভাগত লক্ষ্নৌৰ এখন সুবিশাল বজাৰত তিনিজনীয়া দুৰ্বৃত্তৰ দল এটাই লুটপাত চলোৱাৰ মানসিকতাৰে প্ৰৱেশ কৰে৷ বজাৰখনত দলটোৱে লুটপাত চলাই থকা সময়তে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয়৷ দুৰ্বৃত্তৰ দলটোৱে পলাই সাৰিবলৈ বিচৰাত আৰক্ষীয়ে তিনি দুৰ্বৃত্তৰ ভৰিত গুলীয়াবলৈ বাধ্য হয়৷     

আৰক্ষী বিষয়া দীপক কুমাৰৰ মন্তব্য মতে, এই দুধৰ্ষ ডকাইত তিনিওজনে বহুদিন আগৰ পৰা গাজিপুৰ ভূতনাথ বজাৰৰ লগতে ওচৰৰ কেইবাখনো বজাৰত সন্ত্ৰাস চলাই আহিছিল৷ আৰক্ষীয়ে এই দুৰ্ধৰ্ষ ডকাইতৰ দলটোক আটক কৰিবলৈ সক্ষম হোৱা নাছিল যদিও আজি দলটোক জালত পেলাই সন্ত্ৰাসৰ অৱসান ঘটায়৷

আনহাতে আটকাধীন তিনি দুৰ্বৃত্তৰ পৰা উত্তৰ প্ৰদেশ আৰক্ষীয়ে দুটা ৰাইফল, ঘৰত নিৰ্মিত তিনিটা বন্দুক, এডাল লোহাৰ ৰড, আৰু নিচাযুক্ত বেজী উদ্ধাৰ কৰে৷ সদ্যহতে আৰক্ষীৰ হাতত গুলীবিদ্ধ হৈ আহত হোৱা ডকাইত কেইজনক চিকিৎসাৰ বাবে আৰক্ষীয়ে লোহিয়া হাস্পতালত ভৰ্তি কৰাইছে৷