ডিজিটেল ডেস্কঃ চোৰ বা ডকাইত নাই ক’ত? বিশ্বৰ সকলো প্ৰান্ততে এটা শ্ৰেনী আছে৷ যিয়ে পলকতে ধনী হ’ব বিচাৰে৷ অতি কম কষ্টেৰে যিয়ে লাভ কৰিব বিচাৰে বুজন পৰিমাণৰ ধন৷ আৰু এই বিশেষ শ্ৰেণীটোৱেই হৈ পৰে চোৰ, ডকাইত, দুৰ্বৃত্ত৷
আনহাতে Clementsৰ মতে বিশ্বৰ সকলোতকৈ বেছি হত্যা, ধৰ্ষণ, ডকাইতি সংঘটিত হোৱা দেশবোৰৰ ভিতৰত ভাৰতৰ স্থান হৈছে সপ্তম৷ ভাৰতত প্ৰতি ৪ মিনিটৰ মূৰে মূৰে সংঘটিত হয় অপৰাধ৷ দেশৰ চুকে-কোণে সিঁচৰতি হৈ আছে অপৰাধকাৰী৷ চোৰ, ডকাইত, হত্যাকাৰী, দুৰ্বৃত্তই দিনৰ পোহৰতে সংঘটিত কৰে অপৰাধ৷