ৰঙিয়াঃ ৰেলত পুনৰ যাত্ৰীক নিচাজাতিয় দ্ৰব্য খুৱাই লুট কৰা ঘটনা এটাই ৰেল যাত্ৰী সকলক পুনৰবাৰ শংকিত কৰিছে। ঘটনাৰ বিষয়ে জানিব পৰা মতে, মঙলবাৰে নিশা হোজাই-লামডিং ইন্টাৰচিটি যাত্ৰীবাহী ৰেলখনত যাত্ৰা কৰিছিল হোজাই মহাবিদ্যালয়ৰ বেংগলী বিভাগৰ প্ৰৱক্তা প্ৰবিত্ৰ কুমাৰ ৰায়।
প্ৰৱক্তাগৰাকীয়ে যাত্ৰা আৰম্ভ কৰাৰ সময়ত এজন অচিনাকী যাত্ৰীয়ে সহযাত্ৰী হিচাপে যাত্ৰা কৰে। কিছুদুৰ যাত্ৰা কৰাৰ পিছতে ব্যক্তিজনে বন্ধুত্ব স্থাপন কৰি প্ৰৱক্তা গৰাকীক বুন্দিয়াৰ লাৰু এটা খাবলৈ কয়। অতি সাদৰৰে দিয়াত প্ৰৱক্তাগৰাকীয়ে লাৰুটো খোৱাৰ কিছু সময়ৰ পিছতে অচেতন হৈ পৰে।