লখিমপুৰঃ লখিমপুৰৰ জ্যেষ্ঠ চিকিৎসক তথা সমাজ সেৱক ডা০ খিৰেশ্বৰ হাজৰিকা ৮৭ বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত বৃহস্পতিবাৰে দিনৰ ১০-৪৫ বজাত নিজ বাসগৃহত মৃত্যু হয়। ডা০ হাজৰিকা লখিমপুৰত প্ৰথমখন নাৰ্ছিং হোম প্ৰতিষ্ঠা কৰি চিকিৎসা সেৱা আগবঢ়াবলৈ সক্ষম হৈছিল।

কেৱল চিকিৎসক হিচাপেই পৰিচিত নহয় ডা০ হাজৰিকা এজন সমাজ প্ৰতিষ্ঠা ক্ষেত্রটো অনবদ্য অৱদান আগবাঢ়াই আহিছিল। তেখেতৰ মৃত্যুত লখিমপুৰৰ চিকিৎসা ক্ষেত্রখনত অপূৰণীয় ক্ষতি অনুভৱ কৰিছে চিকিৎসক সমাজে।

ডা০ হাজৰিকাৰ মৃত্যুত অশেষ গুণমুগ্ধ-শুভকাংক্ষী শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জনাইছে৷