শিৱসাগৰঃ বিষাক্ত সাপে দংশন কৰা ৩ হাজাৰো অধিক লোকক সু-চিকিৎসা প্ৰদানেৰে জীৱন দান দি দেশজুৰি সৰ্প বিশেষজ্ঞ হিচাপে খ্যাতি অৰ্জন কৰা ডাক্তৰ সুৰজিৎ গিৰিৰ বিৰুদ্ধে এটা চক্ৰই চলাইছে গভীৰ ষড়যন্ত্ৰ। শিৱসাগৰ জিলাৰ ডিমৌ আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক তথা বিশিষ্ট সংজ্ঞাহাৰক ডাঃ সুৰজিৎ গিৰিয়ে আনকি এই চক্ৰটোৰ ষড়যন্ত্ৰৰ বলি হৈ চিকিৎসা সেৱাৰ পৰাই অব্যাহত ল’বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।
মানৱদৰদী চিকিৎসকগৰাকীৰ আত্মসন্মানত আঘাত কৰাৰ ফলত চিকিৎসা বৃত্তিৰ পৰা অব্যাহতি বিচাৰি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান তথা এন এইচ এম কৰ্তৃপক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছে। অহা ১০ জুলাইৰ পৰা চিকিৎসা সেৱাৰ পৰা যাতে তেওঁক অব্যাহতি দিয়ে তাৰ বাবে ঊৰ্ধ্বতন কৰ্তৃপক্ষলৈ ডাঃ সুৰজিৎ গিৰিয়ে প্ৰেৰণ কৰিছে পত্ৰ।
চিকিৎসকগৰাকীয়ে আজি এই প্ৰতিবেদকৰ আগত সদৰী কৰা অনুসৰি যোৱা ১১ জুলাইত হঠাৎ ডিমৌ আদৰ্শ চিকিৎসালয়ত উপস্থিত হৈছিল সহকাৰী আয়ুক্ত তথা দণ্ডাধীশ পৰিস্মিতা দিহিঙীয়া। লগত আছিল ডিমৌ আদৰ্শ চিকিৎসালয় আৰু ডিমৌ সামূহিক চিকিৎসালয়ৰ অধীক্ষকদ্বয় ক্ৰমে ডাঃ ৰূপম বৰকটকী, ডাঃ প্ৰশান্ত প্ৰতিম শৰ্মা। এই দুগৰাকী চিকিৎসক তথা অধীক্ষকৰ উপস্থিতিত দণ্ডাধীশ পৰিস্মিতা দিহিঙীয়াই তৎক্ষণাৎ মাতি পঠিয়ায় ডাক্তৰ সুৰজিৎ গিৰিক।
সেই সময়ত ডাঃ সুৰজিৎ গিৰি ব্যস্ত আছিল অস্ত্ৰোপচাৰ কক্ষত ৰোগীক এনাছথেছিয়া দিয়াত। মাতি পঠিওৱাত অস্ত্ৰোপচাৰ কক্ষ এৰি উপস্থিত হয় দণ্ডাধীশৰ ওচৰত। দণ্ডাধীশগৰাকীয়ে তুমি নিশা ডিউটি নকৰা নেকি? কামত কিয় গাফিলতি কৰা? আদি প্ৰশ্ন কৰি অতিষ্ঠ কৰি তোলে। এনে প্ৰশ্নৰ সন্মুখীন হোৱাৰ সময়ত ওচৰতে থকা এগৰাকী অধীক্ষকে মুখ টিপিও হাঁহিবলৈ ধৰে।
এনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈ বাৰুকৈয়ে অপমানবোধ কৰে ডাক্তৰ সুৰজিৎ গিৰিয়ে। কাৰণ চিকিৎসকগৰাকীয়ে ১৮ বছৰীয়া চাকৰি কালত কোনোদিনে কৰ্তব্যত গাফিলতি কৰা নাই। বৰঞ্চ জনসাধাৰণৰ স্বাৰ্থত বিনামূলীয়াকৈ আন বহু কাম কৰিছে তেওঁ। তদুপৰি চিকিৎসালয়খনৰ পৰিচালনা সমিতিয়ে সুৰজিৎ গিৰিক নিশা কৰ্তব্য সম্পাদনৰ পৰা ৰেহাইহে দি থৈছে।
চিকিৎসকগৰাকীয়ে সংজ্ঞাহাৰক হিচাপে অস্ত্ৰোপচাৰৰ ডিউটি কৰাৰ উপৰি সাপে দংশন কৰা ৰোগীসকলক চিকিৎসা প্ৰদান কৰি আহিছে। ১৮ বছৰে যিদৰে ঊধ্বৰ্তন কৰ্তৃপক্ষই নিৰ্দেশনা দি থৈছে সেই অনুসৰিয়েই দায়িত্ব নিষ্ঠাৰে পালন কৰি আহিছে তেওঁ। ১৮ বছৰে কোনো সমস্যা নহ’ল। কিন্তু বৰ্তমান হঠাৎ কিছুমান প্ৰশ্নৰ মুখামুখি হোৱা, তেওঁক মাতি আনি বহু সময় থিয় কৰাই থোৱা, তেওঁক দণ্ডাধীশে প্ৰশ্ন কৰাৰ সময়ত কাষতে থকা আন এগৰাকী চিকিৎসকে হাঁহি দিয়া আদি কাৰ্যৰ দ্বাৰা চৰম অপমানবোধ কৰে। এই অভিযোগ ডাক্তৰ সুৰজিৎ গিৰিৰ। এনে কাৰণতে এই সেৱাৰ পৰা অব্যাহতি বিচাৰি এন এইচ এমলৈ পত্ৰ প্ৰেৰণ কৰিছে তেওঁ।
জানিব পৰা মতে তেওঁৰ অব্যাহতি পত্ৰ বাতৰি লিখাৰ পৰলৈকে গ্ৰাহ্য কৰা নাই। ইপিনে ডাক্তৰ সুৰজিৎ গিৰিয়ে অব্যাহতি বিচৰা খবৰ বিয়পি পৰাৰ লগে লগে কেৱল শিৱসাগৰ জিলাতে নহয়, ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃ্ষ্টি হোৱাৰ লগতে তেওঁৰ লগত কৰা এনে কাণ্ডৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে। ইয়াৰ উপৰি যিসকলে সুৰজিৎ গিৰিক অপমান কৰা বুলি অভিযোগ উঠিছে সেইসকলৰ বিৰুদ্ধে চৰকাৰক তদন্ত কৰি বিহিত ব্যৱস্থা লোৱাৰো দাবী জনাইছে বিভিন্ন দল-সংগঠনে।
অসমীয়া যুৱ মঞ্চ, আটাছু, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিসহ বিভিন্ন জাতীয় সংগঠন, শিৱসাগৰ চহৰ আৰু ডিমৌৰ সচেতন নাগৰিকে চিকিৎসকগৰাকীৰ পক্ষত থিয় দিয়াৰ লগতে উচিত তদন্তৰ দাবী তুলিছে। তদুপৰি তেওঁ যাতে অব্যাহতি পত্ৰ উঠাই লয় তথা চিকিৎসা সেৱা অব্যাহত ৰাখে তাৰ বাবে আহ্বান জনাইছে।
ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী অশোক সিংঘাল, ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই, শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ডাক্তৰ সুৰজিৎ গিৰিক চাকৰিৰ পৰা অব্যাহতি নল’বলৈ আহ্বান জনাইছে। তেওঁৰ দৰে মানৱদৰদী চিকিৎসকৰ সমাজত অতি প্ৰয়োজন বুলি ব্যক্ত কৰে বিধায়ক দুগৰাকীয়ে।
উল্লেখ্য যে চিকিৎসকগৰাকীয়ে সংজ্ঞাহাৰক চিকিৎসক হিচাপে ৭০০০ ৰো অধিক ৰোগীক অস্ত্ৰোপচাৰ কৰিছে। তদুপৰি সৰ্প দংশন কৰিলে প্ৰথমে কি কৰিব লাগে, সৰ্প দংশনৰ পৰা কেনেকৈ বাচি থাকিব পাৰি আদি সন্দৰ্ভত দেশৰ ভিন্ন প্ৰান্তত সজাগতাৰ সৃষ্টি কৰি একপ্ৰকাৰৰ জোৱাৰ আনিছে ডাক্তৰ সুৰজিৎ গিৰিয়ে।
