প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে এফালৰ পৰা ধ্বংস কৰিছে এটা এটাকৈ সকলো চৰকাৰী প্ৰতিষ্ঠান! ২০১৪ চনৰ পৰাই এই অভিযোগ মোদী চৰকাৰৰ বিৰুদ্ধে উত্থাপন কৰি আহিছে বিৰোধীয়ে। তেনে এটা প্ৰতিষ্ঠানৰ বৰ্তমান সময়ৰ নিশকতীয়া অৱস্থাই চিন্তিত কৰিছে সচেতন মহলক। বৰ্তমান সময়ত সাধাৰণ জনতাৰ তথ্য লাভৰ অধিকাৰৰ ওপৰত নামি অহা নতুন সংকটে বৃদ্ধি কৰিছে উদ্বেগ। কিন্তু দুৰ্ভাগ্যৰ বিষয় যে এনে খবৰবোৰ প্ৰকাশিত নহয় মূলসুঁতিৰ সংবাদ মাধ্যমত।
তথ্য জনাৰ অধিকাৰ বা চমুকৈ আৰ টি আইৰ সৈতে জড়িত আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান কেন্দ্ৰীয় তথ্য আয়োগ। কিন্তু বিগত এমাহ ধৰি যোৱা এমাহ মুখ্য আয়ুক্ত অবিহনেই কাম চলি আছিল এই প্ৰতিষ্ঠানৰ। আৰু এমাহৰ অন্তত অৱশেষত সোমবাৰে পুৱা ১১ বজাত হীৰালাল চমৰিয়াই কেন্দ্ৰীয় মুখ্য তথ্য আয়ুক্ত হিচাপে শপত গ্ৰহণ কৰিছে।