newsnextone.com | তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কুমাৰীকাটা আৰক্ষী চকীৰ অধীনস্থ উপৰ চৰীয়াত নিশা চাঞ্চল্যকৰ ডকাইতি ঘটনা সংঘটিত হয়৷ জানিব পৰা মতে, উপৰ চৰীয়া গাঁৱৰ সম্বৰু বড়ো (৪০) নামৰ এগৰাকী ব্যৱসায়ীৰ ঘৰত নিশা দুজন অচিনাক্ত দুৰ্বৃত্তই হাতত পিষ্টল লৈ প্ৰৱেশ কৰে। 

অচিনাক্ত দুৰ্বৃত্তই দুজনে ব্যৱসায়ীজনৰ পৰা প্ৰায় ডেৰ লাখ টকা লুট কৰি নিয়াৰ লগতে ব্যৱসায়ী জনৰ এএছ-২৫ডি-০২২৯ নম্বৰৰ চুপাৰ স্প্লেণ্ডাৰ বাইক খন লৈ উধাও হয় দুৰ্বৃত্ত ৷ নিশা এই ঘটনা সংঘটিত হোৱাৰ পিছতে ব্যৱসায়ী সম্বৰু বড়োৰ ৰহস্যজনক ভাৱে মৃত্যুক আঁকোৱালি লোৱাত পুৱতি নিশা এই ঘটনাক লৈ ঘৰ খনত হুৱাদুৱা লাগে ৷ 

পিছত ঘটনা সন্দৰ্ভত ওচৰ চুবুৰীয়াই আৰক্ষীক খৱৰ দিয়াত তামুলপুৰ থানাৰ অন্তৰ্গত কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয়। আৰক্ষীয়ে সম্বৰু বড়োৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰে৷ 

আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে যদিও তদন্তৰ শেষতহে ঘটনাৰ প্ৰকৃত ৰহস্য উদ্ঘাটন হ'ব ৷ ৰাইজে দুৰ্বত্তৰ দলটোক কৰায়ত্ত কৰি উচিত শাস্তি বিহাৰ দাবী জনাইছে ৷ সম্প্ৰতি তামুলপুৰ মহকুমাত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰে।