55
ডিজিটেল ডেস্কঃ দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ যুদ্ধৰ বাবে সাজু হৈছে ভাৰতীয় সেনা। বহুদিনীয়া অচলাৱস্থাৰ অন্তত সম্প্ৰতি সীমান্তত বাজি উঠিছে ৰণডংকা। পৰিস্থিতিৰ জটিলতাৰ ফলত এতিয়া কাৰ্যতঃ যুদ্ধ অনিবাৰ্য।
সংঘাত নিৰাময় কৰিবলৈ ভাৰত চৰকাৰে চলোৱা কূটনৈতিক কাৰ্যাৱলী ব্যৰ্থ হোৱাৰ পিছত চীনৰ সৈতে যুদ্ধৰ দুৰ্ভাৱনা ঘনীভূত হৈছে। দীঘলিয়া ৰণৰ বাবে এতিয়া প্ৰস্তুতি চলাইছে দুয়োখন দেশৰ সৈন্যই।