ডিজিটেল ডেস্কঃ দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ যুদ্ধৰ বাবে সাজু হৈছে ভাৰতীয় সেনা। বহুদিনীয়া অচলাৱস্থাৰ অন্তত সম্প্ৰতি সীমান্তত বাজি উঠিছে ৰণডংকা। পৰিস্থিতিৰ জটিলতাৰ ফলত এতিয়া কাৰ্যতঃ যুদ্ধ অনিবাৰ্য।

সংঘাত নিৰাময় কৰিবলৈ ভাৰত চৰকাৰে চলোৱা কূটনৈতিক কাৰ্যাৱলী ব্যৰ্থ হোৱাৰ পিছত চীনৰ সৈতে যুদ্ধৰ দুৰ্ভাৱনা ঘনীভূত হৈছে। দীঘলিয়া ৰণৰ বাবে এতিয়া প্ৰস্তুতি চলাইছে দুয়োখন দেশৰ সৈন্যই। 

উত্তেজনাময় পৰিস্থিতিত চীন সীমান্তৱৰ্তী ডোকা-লাত সষ্টম হৈ ভাৰতীয় জোৱানে অৱস্থান গ্ৰহণ কৰিছে। কিন্তু সীমান্তৰ পৰা সৈন্য অপসাৰণৰ দাবী কৰিছে চীনে। পিছে কোনো পৰিস্থিতিতে দেশখনক আগ্ৰাসনৰ সুযোগ নিদিয়ে বুলি কেন্দ্ৰীয় চৰকাৰে ষ্পষ্ট কৰিছে।

যুদ্ধসদৃশ পৰিস্থিতিৰ মাজত প্ৰকাশ পাইছে আন এক সংবাদ। তদানুসৰি সম্প্ৰতি সীমান্তৱৰ্তী গাঁৱৰ গঞাক নিৰাপদ স্থানলৈ স্থানান্তৰৰ নিৰ্দেশ দিছে সেনাই।

ইতিমধ্যে নাথাং নামৰ গাঁৱখনৰ পৰা জনতাক আন স্থানলৈ স্থানান্তৰ কৰা হৈছে। সেনাৰ বাহনৰ জৰিয়তে বৰ্তমান স্থানান্তৰকৰণৰ পৰ্ব আৰম্ভ হৈছে।  সমান্তৰালকৈ ডোকা-লালৈ প্ৰেৰণ কৰা হৈছে যুদ্ধাস্ত্ৰ।