Home ৰাজ্যঅসমীয়া যুৱকক আক্ৰমণ কৰাৰ সময়ত বাধা দিবলৈ নোযোৱাটো চিন্তাজনকঃভাস্কৰ্য শিল্পী ৰবিৰাম

অসমীয়া যুৱকক আক্ৰমণ কৰাৰ সময়ত বাধা দিবলৈ নোযোৱাটো চিন্তাজনকঃভাস্কৰ্য শিল্পী ৰবিৰাম

by News Desk
59 views
A+A-
Reset

newsnextone.com | ওদালগুৰিঃ কাৰ্বি আংলঙৰ ডকমকাত দুই যুৱকৰ হত্যা কাণ্ডই সমগ্ৰ ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত তথা বিভিন্ন দেশত ইয়াৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। হত্যাকাণ্ডক ৰাজ্যৰ শিল্পী সমাজে তীব্ৰ ভাষাৰে গৰিহনা দিয়াৰ লগতে বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰি দুয়োজন নিৰপৰাধী যুৱকৰ হত্যাকাণ্ডৰ ন্যায় তথা অভিযুক্তক উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনাইছে ৰাইজে। তেনে সময়তে এই জঘন্য কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিছে প্ৰখ্যাত চিত্ৰ আৰু ভাস্কৰ্য শিল্পী তথা ওদালগুৰি আৰ্টিষ্ট ভিলেজৰ অধ্যক্ষ ৰবিৰাম ব্ৰহ্মই। 

ৰবিৰাম ব্ৰহ্মই সাংবাদিকৰ আগত কয় যে এই ঘটনাটো অতি নিন্দনীয় আৰু গৰিহনাৰ যোগ্য। নিলোৎপল-অভিজিৎ হত্যাকাণ্ড সংস্কৃতিৰ বাবে ভাবুকিস্বৰূপ। দুয়ো আছিল প্ৰকৃতিপ্ৰেমী তথা সংস্কৃতিৱান যুৱক। সকলো লোকক সৰল মনেৰে চাই বিশ্বাসত লোৱাটোৱেই তেওঁলোকৰ বাবে কাল হৈ পৰিল। ইফালে কাৰ্বি আংলঙৰ সংস্কৃতিৰ ক্ষেত্ৰখনৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্ক থকাৰ কথা ব্যক্ত কৰি শিল্পীগৰাকীয়ে কয় যে কাৰ্বি লোকসকল অতি সহজ-সৰল প্ৰকৃতিৰ লোক। তেনে এখন ঠাইত দুজন অসমীয়া যুৱকক আক্ৰমণ কৰি থকাৰ সময়ত কোনো লোকে বাধা দিবলৈ নোযোৱাটো এক চিন্তাৰ বিষয় বুলি কয় বিশিষ্ট শিল্পীগৰাকীয়ে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0