নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জামুগুৰিৰ ঐতিহাসিক সাৰ্বজনীন গৰখীয়া থান৷ নানা জনশ্ৰুতি আৰু বিশ্বাসৰ থলি এই থানত ভক্তই পৰম ভক্তি ভাবেৰে এভাগ নৈবদ্য আগবঢ়ালে ভক্তৰ সকলো মনোবাঞ্চা পূৰণ হয় বুলি প্ৰবাদ আছে৷ যুগ যুগ ধৰি চলি অহা বিশ্বাসৰ আধাৰতে বিখ্যাত হৈ পৰা এই থানলৈ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিবছৰে ভক্তৰ সমাগম ঘটে৷
প্ৰায় তিনিশ বছৰ পুৰণি এই থানখনত প্ৰতিবছৰে ৰাইজে অতি উলহ-মালহেৰে উদযাপন কৰি অহা কেইবাটাও উৎসৱৰ ভিতৰত অন্যতম হৈছে দৌল মহোৎসৱ ৷বিগত ১৯৯৩ চনৰ পৰা ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজেৰে পালন কৰি অহা এই দৌল মহোৎসৱে এইবাৰ সগৌৰৱে ২৫ বছৰত পদাৰ্পণ কৰিছে ৷সেয়ে থানখন আৰু উৎসৱটিৰ প্ৰতি ভকতিত আপ্লুত ৰাইজে আগন্তুক দৌল মহোৎসৱটি ৰূপালী জয়ন্তী বৰ্ষ হিচাপে বৰ্ণাঢ্য ৰূপত আয়োজনৰ সিদ্ধান্ত গ্ৰহন কৰিছে ৷