গুৱাহাটীঃ যুগ যুগ ধৰি অসমত খিলঞ্জীয়া জাতি-জনগোষ্ঠীয়ে পৰম্পৰাগতভাৱে ফাকুৱা উৎসৱ পালন কৰিছে আহিছে৷ বৃহস্পতিবাৰ আৰু শুকুৰবাৰে ৰাজ্যজুৰি শ্ৰীকৃষ্ণৰ হোলী উৎসৱ অসমৰ ৰাইজেও পালন কৰে৷ নগাঁও জিলাৰ বৰদোৱাত প্ৰায় ৫৫০ বছৰীয়া পৰম্পৰা অটুট ৰাখি দৌলৎসৱ পালন কৰা হয়৷ শ্ৰীমন্ত শংকৰদেৱৰ দৌলযাত্ৰা মহোৎসৱৰ স্মৃতি বিজড়িত বটদ্ৰৱাত ‘গোঁসাই মূৰত ফাঁকু দিয়া উৎসৱ’ সম্পন্ন হয়।
পূৰ্বৰ পৰম্পৰা অনুযায়ী কীৰ্তনঘৰৰ নাম-প্ৰসংগৰ অন্তত গায়নে-বায়নে গোবিন্দ মূৰ্তিৰ সমুখত জোৰা ধৰি তাল-খোল, দবা, নাগাৰা, শংখ-ঘন্টা আদি মাংগলিক ধ্বনিৰ মাজতে আয়তীৰ উৰুলি আৰু মংগাচৰণেৰে গোবিন্দৰ মূৰত ফাঁকু দিয়া হয়। আনহাতে, নিশা বাৰেৰহণীয়া সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। উল্লেখ্য যে, দৌলোৎসৱ উপলক্ষে বটদ্ৰৱাত লক্ষাধিক ভক্তই গোবিন্দ প্ৰভুৰ আশীষ প্ৰাৰ্থনা কৰাৰ লগতে পবিত্ৰ আকাশী গংগাৰ তীৰতো অগণন তীৰ্থযাত্ৰীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে।