Home বিশ্বসোণালী যুগ… আকৌ ৰাষ্ট্ৰপতি হৈয়েই ড’নাল্ড ট্ৰাম্পৰ ইটোৰ পিছত সিটো বৃহৎ সিদ্ধান্ত

সোণালী যুগ… আকৌ ৰাষ্ট্ৰপতি হৈয়েই ড’নাল্ড ট্ৰাম্পৰ ইটোৰ পিছত সিটো বৃহৎ সিদ্ধান্ত

by News Desk
A+A-
Reset
Trump President

আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ প্ৰথম কেইঘণ্টামানৰ ভিতৰতে ধাৰাবাহিকভাৱে গুৰুত্বপূৰ্ণ কাৰ্যবাহী আদেশত স্বাক্ষৰ কৰি নিজৰ প্ৰচাৰৰ প্ৰতিশ্ৰুতিৰ প্ৰতি এক প্ৰকাৰৰ আনুগত্য প্ৰদৰ্শন কৰিছে ড’নাল্ড ট্ৰাম্পে। ট্ৰাম্প আৰু তেওঁৰ সমৰ্থকসকলৰ মতে, ৰাষ্ট্ৰপতি হিচাপে দ্বিতীয় কাৰ্যকালত তেওঁ গ্ৰহণ কৰা সিদ্ধান্তই নতুন প্ৰশাসনৰ বাবে এক নতুন দিশ নিৰ্ধাৰণ কৰিব আৰু ইয়াৰ ফলত আমেৰিকাৰ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত দীৰ্ঘম্যাদী প্ৰভাৱ পৰিব। প্ৰথম কাৰ্যকালৰ সময়ত অসম্পূৰ্ণ হৈ ৰোৱা কামবোৰ দ্বিতীয় কাৰ্যকালত সম্পূৰ্ণ কৰা হ’ব বুলি পূৰ্বেই ইংগিত প্ৰদান কৰিছিল ড’নাল্ড ট্ৰাম্পে। এতিয়া পুনৰ হোৱাইট হাউচত ভৰি দি তেওঁ স্বাক্ষৰ কৰা কাৰ্যবাহী আদেশৰ ভিতৰত আছে অনুপ্ৰৱেশ নীতি, সীমান্ত নিৰাপত্তা, আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক, পৰিৱেশ নীতি, চৰকাৰী ব্যয় কৰ্তনৰ ব্যৱস্থা আদি।

তেওঁৰ এই কাৰ্য্যই কেৱল ঘৰুৱা ৰাজনীতিতেই নহয়, সমগ্ৰ বিশ্বতে বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ট্ৰাম্পৰ কাৰ্যভাৰ গ্ৰহণৰ কিছু সময়ৰ পিছতে সংবাদ মাধ্যম, ৰাজনৈতিক বিশ্লেষক আৰু সাধাৰণ জনতাৰ মাজত তেওঁৰ সিদ্ধান্তৰ বিষয়ে আলোচনা আৰম্ভ হয়। বহু ক্ষেত্ৰত তেওঁৰ সিদ্ধান্তৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াতো ব্যাপক প্ৰতিবাদ আৰু সমালোচনাও দেখা গৈছে। ট্ৰাম্পৰ কাৰ্যভাৰ গ্ৰহণৰ কিছু ঘণ্টাৰ ভিতৰতে তেওঁ সীমান্ত নিৰাপত্তা শক্তিশালী কৰা, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা আমেৰিকাক প্ৰত্যাহাৰ কৰা, চীনৰ মালিকানাধীন টিকটক প্লেটফৰ্ম নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ট্ৰাম্পে তেওঁৰ এনে সিদ্ধান্তৰে আমেৰিকাত বৃহত্ পৰিৱৰ্তনৰ ইংগিত দিয়া বুলি এতিয়া চৰ্চা হৈছে।  

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0