টিভি চেনেলৰ বিৰুদ্ধে সাম্প্ৰদায়িক ঘৃণা বিয়পোৱাৰ অভিযোগ নতুন নহয়। চেনেলৰ ষ্টুডিঅ’ত বহি সমাজত বিষবাষ্প বিয়পোৱাৰ অভিযোগ অনেক বাৰ উত্থাপন হৈছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বিৰুদ্ধে। শেহতীয়াকৈ চেনেলৰ বিৰুদ্ধে এই অভিযোগত সাৰপানী যোগাইছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৈতে জড়িত চিন্তাবিদ তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ অধ্যাপক ৰাকেশ সিনহাৰ এটা ভাইৰেল ভিডিঅ’ই।
দৰাচলতে আৰ এছ এছৰ নেতাগৰাকীয়ে এক অনুষ্ঠানত দাবী কৰে যে এজন নিউজ এংকৰে তেওঁক ‘টিভি বিতৰ্কত মুছলমানৰ দাঢ়ি-টুপিৰ বিষয়ে গালি-গালাজেৰে ভৰপূৰ শব্দ ব্যৱহাৰ কৰিবলৈ কৈছিল। অধ্যাপক ৰাকেশ সিনহাৰ এই মন্তব্যৰ এটা ৩ মিনিট ৩৩ ছেকেণ্ডৰ ভিডিঅ’ শনিবাৰে ছ’চিয়েল মিডিয়াযোগে শ্বেয়াৰ কৰে শিৱসেনাৰ উদ্ধৱ ঠাকৰে ফৈদৰ নেত্ৰী প্ৰিয়ংকা চতুৰ্বেদীয়ে। ইয়াৰ পিছতে দেশজুৰি চৰ্চা আৰম্ভ হয়।