ডিজিটেল ডেস্কঃ দেশৰ কৰ্পৰেট খণ্ডই আনুগত্য প্ৰদৰ্শন কৰি ২০১৬-২০১৭ বৰ্ষত ৰাজনৈতিক দলক দি আহিছে চান্দা৷ এইবাৰ চান্দা সংগ্ৰহৰ ৰেকৰ্ড গঢ়ে শাসকীয় দল বিজেপিয়ে৷ বিজেপিয়ে ২০১৬-১৭ বৰ্ষত কৰ্পৰেট খণ্ডৰ পৰা লাভ কৰিছে ২৯০ কোটি টকা চান্দা৷ কেন্দ্ৰীয় কৰ বৰ্ডৰ নথিভুক্ত ২১টা নিৰ্বাচনী অৰ্থ সংগ্ৰহ ট্ৰাষ্টে দাখিল কৰা ৰিপৰ্টত এই তথ্য ওলাই পৰে৷
এছচিয়েছন অৱ ডেমক্ৰেটিক ৰিফৰ্ম নামৰ নিৰ্বাচনী অৰ্থ সংগ্ৰহ ট্ৰাষ্টৰ ৰিপৰ্টত এই তথ্য ওলাই পৰিছে৷ ৰিপৰ্ট মতে, ২০১৬-১৭ বৰ্ষত ১০টা ৰাজনৈতিক দলে ৩২৫.২৭ কোটি টকা কৰ্পৰেট খণ্ডৰ পৰা সাহায্য লাভ কৰিছে৷ ইয়াৰে ২৯০ কোটি টকা লাভ কৰিছে শাসকীয় বিজেপিয়ে৷ চান্দাৰ বাবদ লাভ কৰা মুঠ পৰিমাণৰ ৮৯.২২ শতাংশ লাভ কৰে শাসকীয় দল বিজেপিয়ে৷