ছিপাঝাৰঃ দৰং জিলাৰ মঙলদৈস্থিত খাৰখোৱা ধাবাৰ এজন কৰ্মচাৰী ক'ভিড-১৯ত আক্ৰান্ত লোকৰ সংস্পৰ্শলৈ অহা বিষয়টোক লৈ দৰংবাসীক শংকিত নহবলৈ আহ্বান জনাইছে জিলা স্বাস্থ্য বিভাগে। এক প্রেছ বিবৃতিৰ জৰিয়তে জিলা স্বাস্থ্য বিভাগৰ এগৰাকী নিৰীক্ষণ বিষয়াই জানিবলৈ দিয়ে যে খবৰ লাভ কৰাৰ লগে লগে প্ৰশাসনৰ তৰফৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

'আমি খবৰ লাভ কৰাৰ লগে লগে খাৰখোৱা ধাবাৰ মালিকৰ পৰা কৰ্মচাৰীৰ তালিকা সংগ্ৰহ কৰিছো। মুঠ ৩৭ জন কৰ্মচাৰীৰ তালিকা মালিক পক্ষই স্বাস্থ্য বিভাগক দিছে। ইয়াৰে ৩২ জন দৰঙৰ বাসিন্দা। খণ্ড পৰ্যায়ত থকা নিৰীক্ষণকাৰী দলৰ দ্বাৰা আটাইকেইগৰাকী কৰ্মচাৰীৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে। তেওঁলোক কোনোজনৰে শৰীৰত কভিড ১৯ৰ প্রাথমিক লক্ষণ দেখা পোৱা নাই যদিও তেওঁলোক প্রত্যেককে নিজ ঘৰতে আছুতীয়াকৈ ১৪ দিনৰ বাবে ৰখাৰ ব্যৱস্থা কৰা হৈছে।’-বিবৃতিটোত এইদৰে উল্লেখ কৰিছে বিষয়াগৰাকীয়ে।

আনহাতে প্রত্যেকজন কৰ্মচাৰীৰ হাতত ষ্টাম্প আৰু ঘৰত ঘৰত ষ্টিকাৰ লগোৱা হৈছে বুলিও জানিবলৈ দিছে বিষয়াগৰাকীয়ে। 'আটাইকেইজন কৰ্মচাৰীকে ঘৰতে আছুতীয়াকৈ থকাৰ সময়ত ল'বলগীয়া সাৱধনতা সম্পৰ্কে বুজাই দিয়া হৈছে। বিশেষকৈ সঘনে হাত ধোৱা, অন্যলোকৰ সংস্পৰ্শৰ পৰা দূৰত থকা আৰু মাস্ক পৰিধান কৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।’-বিষয়াগৰাকীৰ মন্তব্য।

ইয়াৰ লগতে, প্রেছ বিবৃতিটোত লগতে দৰং জিলাবাসীক ক'ভিড-১৯ৰ পৰা হাত সাৰি থাকিবলৈ ল'ৱলগীয়া সাৱধানতাসমূহ মানি চলি নিজৰ লগতে আনকো এই ৰোগৰ সংক্ৰমণৰ পৰা বচাই ৰাখিবলৈ আহ্বান জনাইছে স্বাস্থ্য বিভাগে। উল্লেখ্য যে, মঙলদৈস্থিত ধাবাখনৰ এজন কৰ্মচাৰী ক'ভিড-১৯ত আক্ৰান্ত লোকৰ সংস্পৰ্শলৈ অহাৰ বাতৰি পোহৰলৈ অহাৰ পিছতে শংকিত হৈ পৰিছিল জিলাখনৰ অধিকাংশ লোক। এনে পৰিপ্ৰেক্ষিতত এইধৰণে আশ্বাসবাণী প্ৰদান কৰে প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগে।